বিগত সাতমাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত বুুুধবাৰে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জিলাখনৰ মাজমজিয়াত ব্যতিক্ৰমী ৰূপত ৰূপায়ণ কৰা হয় অভিনৱ সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী।
বহুকেইটা বিপ্লৱী গীত গাই ছাত্ৰ মুক্তিৰ সদস্যসকলে সাব্যস্ত কৰে প্ৰতিবাদী।সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ 'বুকু হম হম কৰে' শীৰ্ষক গীতেৰে কাৰাৰুদ্ধ অখিল গগৈৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰৰ বিষয়ে ব্যক্ত ছাত্ৰ-ছাত্ৰীসকলে।যদিহে অখিল গগৈক বিনাচৰ্তে মুক্তি নিদিয়ে 'আমি বিপ্লৱৰ পথলৈ আগুৱাম' শীৰ্ষক গীতেৰে সকীয়াই দিয়ে বিজেপি চৰকাৰক।
- Log in to post comments
- 8 views