"২০১৭ চনত অসমলৈ আহি প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা বানৰ পুঁজি এটকাও নাপালে অসমে"-ৰিপুন বৰা

Ripun Bora

অসমৰ ভয়াৱহ বানপানীক লৈ কেন্দ্ৰৰ গুৰুত্বহীনতা আৰু অসমৰ সোণোৱাল চৰকাৰৰ হয় হুজুৰ মনোভাৱক তীক্ষ্ণ ভাষাৰে সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।বৰাৰ অভিযোগ অসমৰ বান সমস্যাক লৈ কেন্দ্ৰৰ মোডী আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰে যি ধৰণেৰে গুৰুত্ব দিব লাগিছিল,সেই দৰে গুৰুত্ব দিয়া নাই।নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা বান সমস্যাৰ এটাও প্ৰতিশ্ৰুতি ৰূপায়ণ নহ'ল।

ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক ভালপাওঁ বুলি কোৱা যে তেওঁৰ অভিনয়,অসমৰ ৰাইজে বুজি পাইছে।জাতিৰ নায়কৰ সন্মান লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দিয়ে সভাপতি বৰাই।

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত  সংবাদ মেলত অসমৰ বান সমস্যা সন্দৰ্ভত সৰৱ হৈ বৰাই কয় যে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পৰা অসমে বানৰ বিশেষ পুঁজি লাভ কৰা নাই। "২০১৪ চনত ৭০ লাখ মানুহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৭০ জন মানুহ মৃত্যু মুখত পৰা বানৰ সৈতে মোকাবিলা কৰাৰ বাবে কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে  ৯৩৭০ কোটি টকা বিছাৰিচিল।কিন্তু মোডী চৰকাৰে এটকাও অসমক নিদিলে।২০১৫ চনৰ বানপানীত অসম চৰকাৰে কেন্দ্ৰৰ পৰা ২১০০ কোটি টকা বিচাৰিছিল সেইবোৰো একটকাও পুঁজি নিদিলে কেন্দ্ৰই।"

বিজেপিক প্ৰত্যাহ্বান জনাই বৰাই কয়- "সোণোৱাল চৰকাৰে অসমৰ বান সমস্যাৰ বাবে ২০১৬চনত কেন্দ্ৰৰ বিজেপি চৰকাৰক ৫০৩৮ কোটি টকা বিচাৰিছিল।মোডীয়ে এটকাও নিদিলে।"

২০১৭ চনত অসমৰ ভয়ংকৰ বানপানী পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰৰ এটা প্ৰতিনিধি দলৰ সৈতে প্রধানমন্ত্ৰী মোডীও আহিছিল।কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে ৪ হাজাৰ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছিল।উক্ত বৰ্ষৰ পহিলা আগষ্টত বানপানী পৰ্যবেক্ষণ কৰিবলৈ আহি প্ৰধামন্ত্ৰী মোডীয়ে অসমৰ কেবিনেটৰ সৈতে বৈঠকত মিলিত হৈ সমগ্ৰ উত্তৰ-পূবৰ বাবে বানপানীৰ সমস্যাৰ বাবে ২৩৫০ কোটি,অসমৰ কাৰণে ২৫০ কোটি অতিৰিক্ত তৎকালিনভাৱে মুকলি,অসমৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে  ৪০০ কোটি টকা,ব্ৰহ্মপুত্ৰ অৱবাহিকা নিয়ন্ত্ৰণৰ গৱেষণাৰ বাবে ১ হাজাৰ কোটি টকা দিব বুলি ঘোষণা কৰিছিল।কিন্তু সেই ঘোষণাৰ ফুটাকড়ি এটাও নাপালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে।বৰাই কয়। 

মুখ্যমন্ত্ৰী সোণোৱালক আঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দি বৰাই কয়-"অসমৰ সাংবিধানিক প্ৰাপ্য মোডী চৰকাৰৰ ওচৰত টেবুল ঢকিয়াই কিয় আনিব নোৱাৰিলে।তাতে প্ৰমাণ বিজেপি চৰকাৰৰ অসমৰ প্ৰতি কিমান দায়বদ্ধ।"

২০১৪ চনৰ পৰা ১৮ চনলৈ কেন্দ্ৰৰ চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে এটকাও দিয়া নাই অসমক।আৰটিআই তথ্যত অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে দাঙি ধৰিছে এই কথা বুলি উল্লেখ কৰি বৰাই কয়-"এছডিআৰএফ যোগে ২০১৪-১৫ বৰ্ষত ২৮৮ কোটি,২০১৫-১৬ বৰ্ষত ৪১৪ কোটি,২০১৬-১৭ বৰ্ষত ৪৩০ কোটি ২০১৭-১৮ বৰ্ষত  ৪৫৬ কোটি আৰু ২০১৮ চনৰ পৰা ২০২০ বৰ্ষলৈ কোনো টকা পোৱা নাই।এনডিআৰএফৰ শিতানত ২০৮ কোটি টকা পাইছে এই চলিত বৰ্ষত।" 

কেন্দ্ৰীয় বিত্তীয় আয়োগে অসমৰ বাবে  নিৰ্ধাৰণ কৰা টকাও কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে বুলি গুৰুতৰ অভিযোগ তুলি বৰাই কয়-"১০১ খন আঁঁচনি ৰূপায়ণ কৰা হৈছে বানপানীত ক্ষয়-ক্ষতি ৰোধৰ বাবে।কিন্তু ৰহস্যজনকভাৱে তাৰ মাত্ৰ দুখন আঁঁচনিৰ  কামহে আৰম্ভ কৰিব পাৰিছে চৰকাৰে।"

তেওঁলোকৰ দক্ষতা ক'ত বুলি প্ৰশ্ন কৰি বৰাই আৰু কয়-"অসমৰ বানপানীৰ কাৰনে ৪২টা আচনি নাবাৰ্ডৰ দ্বাৰা ৰূপায়ন কৰা হৈছে।কিন্তু 'নিকম্মা' চৰকাৰে ১৮টা আঁঁচনিৰে টেণ্ডাৰ ল'ব নোৱাৰিলে।যিকেইটাৰ টেণ্ডাৰ হ'ল,সেইকেইটাৰো কাম আৰম্ভ কৰিব পৰা নাই।"

প্ৰধানমন্ত্ৰীয়ে টুইট আৰু ফোন যোগে মুখ্যমন্ত্ৰীক খবৰৰ ল'লেই অসমৰ বান সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি বৰাই কয়-"পৰ্যাপ্ত সাহায্যৰ পৰা বঞ্চিত বানাক্ৰান্তসকল।নাই পশু খাদ্য,নাই চিকিৎসক সাহায্য শিবিৰত, নাই খোৱাপানীৰ ব্যৱস্থা।"

Your Comments