খাতিকুছিত নলবাৰী জিলা 'আছু'ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন:কেইবাটাও  গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

Nalbari AASU

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিয়ম মানি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়,খাতিকুছিত শনিবাৰে অনুুুষ্ঠিত কৰা হয়।বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত পুৱা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ কৰা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সদৌ অসম ছাত্ৰ সন্থাৰ  সাংগঠনিক সম্পাদক হিমান বৰ্মনে সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে।ছাত্ৰ নেতা বৰ্মনে  সাম্প্ৰতিক সময়ত চৰকাৰখনে কৰি অহা জনবিৰোধী কাম-কাজক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।সাধাৰণ জনতা আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ জীৱনক লৈ ৰাজ্য চৰকাৰখনে আৰু কিমান হেতালি খেলিব বুলি প্ৰশ্ন উত্থাপন কৰে।জিলাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা কাৰ্যনিৰ্বাহক সভাত আছুৰ কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই সাংগঠনিক দিশত বক্তব্য আগবঢ়ায়।আনহাতে,নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ দলত নিজৰ নম্বৰ বঢ়াবলৈ শেহতীয়াভাৱে একাংশ দুৰ্নীতিপৰায়ণ প্ৰাক্তন কংগ্ৰেছীয়ে চিণ্ডিকেট তথা ৰাজনৈতিক নেতা পালিনেতাই 'আছু'ৰ নাম ব্যৱহাৰ কৰি আবোল -তাবোল মন্তব্য কৰাটো তেওঁলোকৰ হতাশাৰ পৰিচয়  বুলি বৰ্মনে কয়।অনবৰতে,তৰল  মন্তব্যৰে সংবাদ শীৰ্ষত থাকিব খোজা নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন নিগমৰ অধ‍্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ কৰ্মৰাজি নলবাৰীয়া আৰু অসমৰ জনগণে জানে বুলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু  সাধাৰণ সম্পাদক অক্ষয় ডেকাই মত পোষণ কৰে ।  কাৰ্যনিৰ্বাহক সভাত বিভিন্ন আলোচনা- পৰ্যালোচনাৰ অন্তত সংগঠনটোৱে জিলাখনৰ বিভিন্ন শৈক্ষিক,সাংগঠনিক,কৃষি,স্বাস্থ্য,বাট-পথ,বানপানী আদিৰ লগতে বিশেষভাৱে নলবাৰী জিলাৰ মৃত উদ্যোগসমূহক কেন্দ্ৰ কৰি কেইবাটাও প্ৰস্থাৱ গ্ৰহণ কৰে।লগতে,বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক'ৰ'না ভাইৰাছৰ বিৰদ্ধে সন্মুখৰ পৰা যুঁঁজ দিয়া চিকিৎসক,নাৰ্চ,পেৰামেডিকেল ষ্টাফক কৃতজ্ঞতা জনাই প্ৰস্থাৱ গ্ৰহণ কৰে।সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যই এইক্ষেত্ৰত ৰাইজৰ পূৰ্ণ সহযোগত পূৰ্বৰ দৰে কৰি যাব বুলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ‍্যেতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই এটা প্ৰেছ বিবৃতিযোগে জনাইছে ।

Your Comments