নগাঁও বিএছএনএলৰ কাৰ্যালয়ত অগ্নিকাণ্ড

Bsnl fire,Nagaon.

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও চহৰৰ সদৰ আৰক্ষী থানাৰ সন্মুখৰ বিএছএনএলৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।জানিব পৰা মতে,নগাঁৱৰ বিএছএনএলৰ  কাৰ্যালয়ত থকা ডব্লিউ এল এলৰ নিয়ন্ত্ৰণ কক্ষত নিশা জুইৰ সূত্ৰপাত হয়। সেই জুইয়ে সমগ্ৰ কাৰ্যালয়টো চানি ধৰে আৰু কক্ষটোত থকা সকলো সা-সৰঞ্জাম, যন্ত্ৰপাতি জুইত ভষ্মীভূত হয়।পিছত,কাৰ্যালয়টোত    নৈশ পহৰাৰ দায়িত্বত থকা একাংশ কৰ্মচাৰীয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।অৱশ্যে, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত  সমগ্ৰ কাৰ্যালয়টো ভষ্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে। এই অগ্নিকাণ্ডৰ পাছতেই সমগ্ৰ জিলাখনতে বিএছএনএল সেৱা ব্যাহত হৈ আছে।

 

Your Comments