বঙাইগাঁও জিলাৰ পুনৰ ২৬ জনৰ দেহত ক'ভিড- ১৯ পজিটিভ:আক্ৰান্তৰ সংখ্যা ১৮১ জনলৈ বৃদ্ধি 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত এতিয়া ক'ৰ'না ভাইৰাছৰ  সংক্ৰমণে ক্ৰমাৎ  ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লৈছে।বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্য।কেৱল  শুকুৰবাৰৰ দিনটোতে জিলাখনৰ ২৫ জনকৈ ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছে।আনহাতে,বৃহস্পতিবাৰে এজনৰ দেহত ধৰা পৰিছিল ক'ভিড- ১৯ পজিটিভ।ফলত বৰ্তমানলৈকে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৮১ জনলৈ বৃদ্ধি পাইছে।আক্ৰান্তসকলৰ ভিতৰত ৮০ জন সুস্থ হোৱাৰ বিপৰীতে ৯০ জন চিকিৎসাধীন হৈ আছে।ইফালে,    প্ৰশাসনে শেহতীয়াকৈ ক'ভিড- ১৯ত আক্ৰান্ত হোৱা এই ২৬ গৰাকী ব্যক্তি কোন কোন অঞ্চলৰ,কোৱাৰেণ্টাইনত থকা নে নথকা আদি কোনো তথ্য ৰাজহুৱা কৰা নাই৷ 

 

Your Comments