বঙাইগাঁৱত অপৰিৱৰ্তিত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণজনিত পৰিস্থিতি:জিলাখনত মুঠ ৫৫টা নিয়ন্ত্ৰিত এলেকা নিৰ্ধাৰণ 

বঙাইগাঁও

বঙাইগাঁৱৰ প্ৰতিবেদক:

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসম তথা বঙাইগাঁও জিলাতো বৰ্তমানেও ক'ৰ'না ভাইৰাছৰ সংক্ৰমণজনিত পৰিস্থিতি অব্যাহত আছে। বৰ্তমানলৈ জিলাখনৰ মুঠ ১৫৫ জন ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হৈছে।তাৰে ভিতৰত ৬৮ জন ব্যক্তি চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৭৭ জন আক্ৰান্ত ব্যক্তি সুস্থ হৈ উঠাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ আনহাতে ১০ জন ৰোগীক বঙাইগাঁৱৰ বাহিৰত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।বৰ্তমানলৈকে জিলাখনত এজনো ৰোগীৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে ১ জুলাইৰ পৰা মঙলবাৰ পৰ্যন্ত জিলাখনৰ মুঠ ৬৪ জন ব্যক্তি কোভিড- ১৯ ত আক্ৰান্ত হৈছে । এই ৰোগীসকলৰ ২৩ জনৰ ভ্ৰমণ বৃত্তান্ত গুৱাহাটী আৰু আন ২৩ জন পূৰ্বৰ কোভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবে আক্ৰান্ত হোৱা।সেইদৰে ১৫ জনৰ আন্তঃৰাজ্যিক ভ্ৰমণ বৃত্তান্ত আছে।এই সকলৰ ভিতৰত ৩ জন ৰোগীৰ কোনো ভ্ৰমণ বৃত্তান্ত নথকাৰ কাৰণে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰাৰ সময়ত ইতিমধ্যে ল'ক ডাউন ঘোষণা হৈ গৈছিল। ইপিনে এতিয়ালৈকে জিলাখনত ৯ জন স্বাস্থ্য কৰ্মী,২ জন আৰক্ষীৰ লোক আৰু ৩ জন প্ৰশাসনীয় কৰ্মচাৰী এই ৰোগত আক্ৰান্ত হৈছে।যাৰ বাবে সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তৎকালীনভাৱে কোভিড-১৯ ৰোগী হিচাবে চিনাক্ত হোৱা সকলৰ আৱাসীক এলেকাসমূহ তথা কৰ্মস্থলী সমূহ নিয়ন্ত্ৰিত এলেকা হিচাবে ঘোষণা কৰা হৈছে।বর্তমান জিলা খনত মুঠ ৫৫ টা নিয়ন্ত্ৰিত এলেকা নিৰ্ধাৰণ কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ জাৰী নোহোৱা পৰ্যন্ত এই নিয়ন্ত্রিত এলেকাসমূহ বাহাল থাকিব। আনহাতে কোভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণ তথা এই ৰোগ  নিৰ্মূলৰ বাবে জিলা প্ৰশাসনে যথা সম্ভৱ সকলো ব্যৱস্থা অব্যাহত ৰাখিছে। চৰকাৰৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰা কোভিড-১৯ৰ নীতি-নিয়ম সমূহ জিলাখনত পূৰ্ণদ্যোমে কাৰ্যকৰী কৰা হৈছে বুলি জিলা প্ৰশাসনৰ পৰা প্ৰকাশ কৰিছে ৷ বিশেষ কৈ বজাৰ অঞ্চল সমূহত এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও বজাৰৰ লেচী সকলক নীতি- -নিয়ম সমূহ মানি চলিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে। নিতান্তই প্ৰয়োজনীয় নাথাকিলে সাধাৰণ ৰাইজক বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱা হৈছে ৷ প্ৰতি ঘণ্টাৰ মূৰে মূৰে নিজৰ হাত পৰিস্কাৰকৈ ধোৱা,মাস্ক পৰিধান কৰা তথা সামাজিক দূৰত্ব বজাই চলাটো বাধ্যতামূলক কৰা হৈছে। এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ পৰা নিজকে মুক্ত ৰাখিবলৈ গৰ্ভৱতী মহিলা, ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি, ১০ বছৰৰ তলৰ শিশু তথা বিভিন্ন শাৰীৰিক অসুস্থতা থকা লোক সকলক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও জিলাখনত 'অসম টাৰ্গেটেড ছাৰভেইলেন্স প্ৰগ্ৰাম'(এটিএছপি) পূৰ্ণ গতিত চলি আছে। এতিয়ালৈকে স্বাস্থ্য খণ্ডৰ কৰ্মী, আৰক্ষী, পৰিবহন, জনস্বাস্থ্য কাৰিকৰী, ৰে'লৱে, হোটেল,দোকানী,অটোৰিক্সা চালক,ডাকঘৰ, তেল ডিপো,প্ৰশাসনীয় কাৰ্যালয়সমূহ আদিকে ধৰি সৰ্বমুঠ ৪,১১০ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছে।প্ৰশাসনিক বিষয়াৰ ৫ টা দলক কোভিড-১৯ ৰ বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে বিশেষভাৱে নিয়োগ কৰা হৈছে। বৰ্তমান জিলাখনত ঘৰে ঘৰে গৈ শাক- পাচলি আৰু গেলামাল সামগ্ৰী যোগান ধৰা সেৱাও বঙাইগাঁও পৌৰ সভাৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে।ইয়াৰ বাবে ৩ জন গেলামাল আৰু ৪ জন শাক-পাচলি বেপাৰী পৌৰ সভাৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে। বঙাইগাঁও চহৰৰ লোকসকলে এই সেৱা গ্ৰহণ কৰিবলৈ ইচ্ছুক হ'লে ৮৭২৩৮৭২৪৭৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ 


 

Your Comments