ধিঙত জানাজাত স্বাস্থ্য বিধি উলংঘন:নগাঁৱৰ সাংসদ আৰু ধিঙৰ বিধায়কৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল 

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

মহামাৰী ক'ভিড-১৯ৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দেশজুৰি বলৱৎ কৰা স্বাস্থ্য বিধিক একপ্ৰকাৰ নস্যাৎ কৰি ২ জুলাইত উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত মুফটি খাইৰুল ইছলামৰ জানাজাত জনসমুদ্ৰৰ সৃষ্টি হৈছিল।স্বাস্থ্য বিধি উলংঘা কৰি সেই জানাজাত লক্ষাধিক লোকৰ লগতে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মুফটিৰ পুত্ৰ তথা ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামো উপস্থিত থকা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।মুফটি খাইৰুল ইছলামৰ জানাজাত মুখত মাস্ক নিপিন্ধাকৈ,কোনো ধৰণৰ সামাজিক দূৰত্বৰ নিৰ্দেশনা নামানি লক্ষাধিক লোকৰ সমাগম হোৱাৰ পিছত ডিজেষ্টাৰ মেনেজমেন্ট এক্টৰ অধীনত ২৫৯/২০২০ আৰু ২৬২/২০২০ নম্বৰত দুটা গোচৰ জুৰীয়া আৰক্ষী থানাত ৰুজু কৰা হৈছিল।ইফালে,সোমবাৰেও ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত শৰ্মাই স্বাস্থ্য বিধি উলংঘা কৰি সিদিনাৰ জানাজাত উপস্থিত থকাৰ অভিযোগ উত্থাপন কৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৬৩/২০২০নম্বৰত এটা গোচৰ ৰুজু কৰিছে।আনহাতে,চক্ৰ বিষয়াজনে একেটা দিনতেই,একেটা অভিযোগতেই প্ৰয়াত মুফটি খাইৰুল ইছলামৰ পুত্ৰ তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৬৪/২০২০নম্বৰত আন এটি গোচৰ ৰুজু কৰিছে।এই কথা সদৰি কৰিছে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত শৰ্মাই।

ইফালে,যোৱা ২ জুলাইত মুফটি খাইৰুল ইছলামৰ জানাজাত মুখত মাস্ক নিপিন্ধাকৈ,কোনো ধৰণৰ সামাজিক দূৰত্বৰ নিৰ্দেশনা নামানি অংশগ্ৰহণ কৰা লোকসকলকো ভিডিঅ' ফুটেজ নিৰীক্ষণ কৰি চিনাক্ত কৰাৰ কামো চলাই থকা হৈছে।এই লোকসকলৰ বিৰুদ্ধেও স্বাস্থ্য বিধি উলংঘা কৰাৰ অভিযোগ তুলি ডিজেষ্টাৰ মেনেজমেন্ট এক্টৰ অধীনত গোচৰ ৰুজু কৰা হ'ব বুলি নগাঁও জিলা প্ৰশাসনৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে সোমবাৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং জুৰীয়াৰ দগাঁও,পৰমাইভেটি,ধিংগাঁও অঞ্চললৈ গৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈছিল।

ইপিনে,মুফটি খাইৰুল ইছলামৰ জানাজাত হোৱা বৃহৎ সমাগমৰ বাবেই যোৱা দেওবাৰৰ বিয়লিৰ পৰা জুৰীয়াৰ দগাঁও,পৰমাইভেটি আৰু ধিংগাঁও অঞ্চলত এসপ্তাহৰ বাবে তলাবন্ধ ঘোষণা কৰা হৈছিল।


 

Your Comments