বঙাইগাঁৱৰ প্ৰতিবেদক:
ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত লকডাউন শেষ হৈ প্ৰায় নিয়মীয়াকৈ চৰকাৰী কাম-কাজ আৰম্ভ হৈছে যদিও এতিয়ালৈকে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়ত চৰকাৰ নিষ্ক্ৰিয় হৈ থকা বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে৷ এটা প্ৰেছ বিবৃতিত সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজনৈতিক দলসমূহে কোচ ৰাজবংশীসকলক বাৰম্বাৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সহজ-সৰল কোচ ৰাজবংশীসকলৰ ভোট আদায় কৰি লৈছিল৷সেয়ে শাসন লাভ কৰাৰ পিছত জনজাতিকৰণৰ বিষয়টো এৰাই চলিলে নহ'ব৷ বিবৃতিটোত অসমৰ জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ তত্বাৱধানত মন্ত্ৰীগোট গঠন কৰা হৈছে যদিও এই মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চাকাৰক প্ৰদান কৰিব লগা সময় কেতিয়াবাই উকলি গৈছে।কিন্তু এতিয়ালৈকে প্ৰদান কৰা নাই প্ৰতিবেদন৷ বিটিচি নিৰ্বাচনৰ ব্যস্ততাৰ বাবে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণভাৱে পাহৰি গৈছে নেকি বুলিও বিবৃতিটোত নেতাদ্বয়ে প্ৰশ্ন কৰে৷নেতাদ্বয়ে লগতে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ জনজাতিকৰণৰ বিষয়ত সদিচ্ছাৰ অভাৱৰ বাবেই বৰ্তমানলৈকে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱা নাই বুলিও কয়৷ শবিবৃতিটোত পুনৰ কয় যে অসম চৰকাৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ কথা উল্লেখ কৰিছিল যদিও প্ৰাৰম্ভিক কাম-কাজসমূহকে এতিয়ালৈ সম্পূৰ্ণ কৰা নাই।জনজাতি পৰিক্ৰমা দপ্তৰৰ অসমৰ মন্ত্ৰী হৈও কেৱল একচেতিয়া চিন্তাধাৰাৰে কাম কৰি যোৱাৰ বাবে কোচ ৰাজবংশীসকলৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে পলম হোৱা বুলিও নেতাদ্বয়ে কয়৷অসম চৰকাৰক বিষয়সমূহ অনাহকত পলম নকৰি সোনকালে সমাধান কৰিবলৈকো নেতাদ্বয়ে আহ্বান জনায়।আনহাতে,অহা ৮ জুলাইত ভিডিঅ' কনফাৰেন্স যোগে কাৰ্যকৰী সভা অনুুুষ্ঠিত কৰি পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ'ব বুলিও সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত উল্লেখ কৰিছে।
- Log in to post comments
- 36 views