হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয় দুদিনৰ বাবে বন্ধ কৰিলে জিলা প্ৰশাসনে 

Covid

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয় (এফআৰইউ)দুদিনৰ বাবে বন্ধ ৰাখিছে কামৰূপ জিলা প্ৰশাসনে।উল্লেখ্য যে যোৱা ৫ জুন তাৰিখে চিকিৎসালয়খনৰ ২ জনকৈ  ব্যক্তি ক'ৰ'নাত আক্ৰান্ত হৈছিল।চিকিৎসালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ধীৰেন হালৈ আৰু জিএনএম পিংকি কুমাৰীৰ স্বাব টেষ্টত পজিটিভ ওলোৱাত দুইজনকে দেওবাৰে উত্তৰ গুৱাহাটীৰ আইআইটি ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰায়।হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ৰ কৰ্মৰত দুজনকৈ ব্যক্তিৰ দেহত ক'ভিড পজিটিভ পোৱাৰ পিছত কামৰূপ জিলা প্ৰশাসনে সোমবাৰৰ পৰা দুদিনৰ বাবে বন্ধ ৰাখিছে চিকিৎসালয়খনৰ চিকিৎসা সেৱা।চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাখিছে প্ৰশাসনে।কোনো ৰোগীয়ে চিকিৎসালয়খনত দুদিন প্ৰৱেশ কৰিব নোৱাৰিব বুলি জনাইছে হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাই।ইতিমধ্যে, চিকিৎসালয়খনৰ সকলো চিকিৎসক, নাৰ্চ,আৰু কৰ্মচাৰীৰ লোৱা হৈছে স্বাব।মঙলবাৰে আহিব স্বাবৰ ফলাফল।পজিটিভ অহাসকলক ক'ভিড চিকিৎসালযত ভৰ্তি কৰাব আৰু যিসকলৰ নিগেটিভ আহিব,সেইসকলক হোম কোৱাৰেন্টাইন কৰা হ'ব।ইতিমধ্যে প্ৰশাসনে চিকিৎসালয়খনৰ চাৰিওফালে কৰিছে ছেনিটাইজেছন। চিকিৎসালয়খনত অহা ৮ জুলাইৰ পৰাহে পুনৰ চিকিৎসাসেৱা আৰম্ভ হ'ব বুলি হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাই জনাইছে।

Your Comments