নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলাত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ইজনৰ পিছত সিজন লোক ক'ভিড-১৯ আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ।এনেদৰে জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ ক'ভিড সংক্ৰমণ হোৱাত আতংকিত হৈ পৰিছে নগাওঁবাসী।দেওবাৰেও জিলাখনৰ কচুৱা আৰক্ষী থানাৰ দুজনকৈ লোক ক'ৰ'নাআক্ৰান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে।কচুৱা আৰক্ষী থানাৰ এই লোককেইজন হ'ল-কচুৱা আৰক্ষী থানাৰ অস্থায়ী গাড়ী চালক (অসামৰিক) জাকাৰিয়া হুছেইন আহমেদ আৰু সহ উপ-পৰিদৰ্শক মজিবুৰ ৰহমান।আৰক্ষী বিভাগৰ এই লোক দুজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল।জানিব পৰা মতে এই লোক দুজন আদালত সম্পৰ্কীয় কাম-কাজৰ বাবে নগাঁও আদালতলৈ কেইদিনমানৰ পূৰ্বে আহিছিল।উল্লেখ্য যে, নগাঁও আদালতত কেইদিনমান পূৰ্বে এগৰাকী কিশোৰীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল।সাক্ষ্য গ্ৰহণ কৰাৰ পিছত কিশোৰীগৰাকী ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয়।তাৰ পৰৱৰ্তী পৰ্যায়ত কিশোৰীগৰাকীৰ সংস্পৰ্শলৈ অহা নগাঁও আদালতৰ দুগৰাকী দণ্ডাধীশসহ পাঁচগৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছিল। কচুৱা থানাৰ লোক দুজন নগাঁও আদালতলৈ অহাৰ বাবেই সম্ভৱতঃ আদালতৰ পৰাই তেওঁলোকৰ সংক্ৰমণ হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ এটা সূত্ৰই জনোৱা মতে,থানাখনৰ গাড়ী চালক জাকাৰিয়া হুছেইন আহমেদ গুৱাহাটীলৈ অহা- যোৱা কৰিছিল।গণ সংক্ৰমণৰ হট স্পট হিচাপে থকা গুৱাহাটীৰ পৰাই জাকাৰিয়াৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰিছে। জাকাৰিয়াৰ পৰা মজিবুৰৰো সংক্ৰমণ হ'ব পাৰে।জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা ২৫ জনৰো অধিক লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে।এনেদৰে ভ্ৰমন বৃত্তান্ত নথকা লোক ক'ৰ'নাত আক্ৰান্ত এই লোকসকলৰ লগত জিলাখনৰ বহু লোক সংস্পৰ্শলৈ আহিছে। ফলত নগাঁও জিলা ভয়ংকৰ সামাজিক সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে।গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জিলাখনৰ বহু লোকে সামাজিক দূৰত্বৰ নীতি-নিয়ম উলংঘা কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ কঠোৰ নহ'লে জিলাখনত ক'ৰ'না সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।ইফালে,নগাঁও জিলা স্বাস্থ্য বিভাগৰ সুত্ৰই জনোৱা মতে,নগাঁও জিলাত দেওবাৰে নতুনকৈ ২২ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে।ইয়াকে লৈ দেওবাৰলৈকে নগাঁও জিলাত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ৮২৬ গৰাকীলৈ বৃদ্ধি পালে।আজিৰ তাৰিখত জিলাখনৰ ৩০টা কোৱাৰেন্টাইন কেন্দ্ৰত ৯৩৪ গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে।ইফালে,দেওবাৰৰ দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত ১০৮ গৰাকী,কন্দলী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৭ গৰাকী,উজৰা গাওঁ আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ২৩ গৰাকী, মোৱামাৰী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ২১ গৰাকী আৰু চিমনাবস্তী প্ৰাৰ্থমিক স্বাস্থ্যকেন্দ্ৰত ৪২ গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইফালে,কচুৱা আৰক্ষী থানাত দুজনকৈ লোক ক'ৰ'নাত আক্ৰান্ত হোৱাত জিলা প্ৰশাসনে কচুৱা আৰক্ষী থানাক ছিল কৰিছে বুলি জানিব পৰা গৈছে।আনহাতে,দেওবাৰে জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ৫ জন,কন্দলী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ৰ ৩১ জন আৰু মোৱামাৰী আদৰ্শ প্ৰাথমিক চিকিৎসালয় ১৪ জনসহ ৫০জনক ঘৰলৈ যাবলৈ দিয়া হৈছে।ইয়াকে লৈ জিলাখনত ৰিলিজ দিয়াৰ সংখ্যা ৫৪৩ জনলৈ বৃদ্ধি হৈছে।ইফালে,কামপুৰ মহগৰীয়াআটিত ৰাজস্থানৰ পৰা অহা এটা পৰিয়ালৰ ক'ভিড পজিটিভ হোৱাটো নিশ্চিত হৈছে।সুৰজ নাথ, ববী ৰাণী লস্কৰ দেৱী নামৰ দম্পতীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে।ৰাজস্থানৰ পৰা আহি তেওঁলোক হোম কোৱাৰেণ্টাইনত আছিল।ক'ভিড আক্রান্ত মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ লগতে তেওঁলোকৰ এটি ৫ বছৰীয়া সন্তান আছে।
- Log in to post comments
- 20 views