বঙাইগাঁও জিলাৰ পুনৰ ১৫ জন ব্যক্তি ক'ভিড পজিটিভ:আক্ৰান্তৰ সংখ্যা ১৪৮ জনলৈ বৃদ্ধি 

Bongaigaon

বঙাইগাঁঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত এতিয়া ক'ৰ'নাই ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লৈছে।দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।দেওবাৰৰ দিনটোতে জিলাখনৰ ১৫ জনকৈ ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছে।ফলত, জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৪৮ জনলৈ বৃদ্ধি পাইছে।উল্লেখ্য যে জিলাখনত ৩ জুলাইত ১৯ জন আৰু ৪ জুলাইত ২১ জনকৈ ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছিল ৷ আক্ৰান্তসকলৰ ভিতৰত ৭১ জন সুস্থ হোৱাৰ বিপৰীতে ৬৫ জন চিকিৎসাধীন হৈ আছে।জিলাখনত আৰক্ষী বিষয়া,কনিষ্টবল, আবকাৰী অধীক্ষক,শিক্ষক,শিক্ষাৰ্থী, চিকিৎসক,স্বাস্থ্যকৰ্মী,অটো- টেম্প' চালক, ৰে'ল বিভাগৰ কৰ্মচাৰী,জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মীচাৰী,নাপিত,ঠিকাদাৰ,ৰাজমিস্ত্ৰী,প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ কৰ্মচাৰীকে ধৰি বিভিন্নজন আক্ৰান্ত হৈছে।এই আক্ৰান্তসকলৰ ভিতৰত কিছু।ব্যক্তি গুৱাহাটীত কাম কৰা,থকা আৰু অহা-যোৱা কৰিছিল বুলি জানিব পৰা গৈছে।অৰ্থাৎ গুৱাহাটীৰ পৰাই একাংশই বঙাইগাঁওলৈকো ক'ৰ'না মহামাৰীৰ সংক্ৰমণ ঘটালে৷সেইদৰে একেটা পৰিয়ালৰ এজন ব্যক্তি ক'ভিড- ১৯ত আক্ৰান্ত হোৱাৰ পিচত পৰিয়ালৰ আন সদস্যও আক্ৰান্ত হোৱা পৰিয়ালো আছে।কিন্তু পৰিচয় পাবলৈ নাই ৷ কাৰণ জিলা উপায়ুক্তই আক্ৰান্ত ব্যক্তিৰ পৰিচয় ৰাজহুৱা নকৰি গোপনে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলাখনত।যাৰ বাবে পাবলৈ নাই বিতং তথ্য।একেদৰে জিলাখনৰ কোন কোন স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে,আক্ৰান্তৰ সংস্পৰ্শলৈ অহা কিমান ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে,কোন কোন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান,বজাৰ বন্ধ কৰি দিয়া হৈছে,কিমান ব্যক্তি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু হোম কোৱাৰেণ্টাইনত আছে আদি তথ্যবোৰো ৰাজহুৱা নকৰাৰ লগতে সংবাদ মাধ্যমকো যোগান নধৰাত জিলাখনত ক'ৰ'না মহামাৰীৰ সঠিক তথ্য পাবলৈ নাই।আক্ৰন্ত ব্যক্তিৰ নাম প্ৰকাশৰ পৰিৱৰ্তে প্ৰশাসনে ক্ৰমিক নম্বৰহে ব্যৱহাৰ কৰি ব্যক্তিজনৰ ভ্ৰমণ বৃত্তান্ত ৰাজহুৱা কৰাত এতিয়া ৰাইজে দু:চিন্তাত ভুগিবলগীয়া হৈছে ৷ কাৰণ ব্যক্তিজনৰ নাম নজনাৰ ফলত সংস্পৰ্শলৈ তেওঁ আহিছিল নে নাই তাকো পোনচাতে ক'ব নোৱাৰে।উদাহৰণস্বৰূপে বঙাইগাঁও চহৰৰ এজন অটো চালক ক'ভিড - ১৯ ত আক্ৰান্ত হোৱাৰ পিচত জিলা প্ৰশাসনে আক্ৰান্ত অটো চালকজনৰ ভ্ৰমণ বৃত্তান্ত ৰাজহুৱা কৰিছে।আক্ৰান্ত অটো চালকজনৰ ক্ৰমিক নম্বৰ ১১০।দোলাইগাঁৱৰ এই অটো চালকজনৰ নামৰ সলনি ব্যৱহাৰ কৰা হৈছে ১১০ নম্বৰ বুলি।ভ্ৰমণ বৃত্তান্তত চালকজনে ক'ত ক'ত গৈছিল সেয়া প্ৰকাশ কৰা হৈছে ৷ লগতে জিলা প্ৰশাসনে সেই সময়ত সেইবোৰ স্থানত চালকজনৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক জিলা প্ৰশাসনৰ ক'ভিড কোষৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।কিন্তু কথা হ'ল অটো চালকজনে বৰপাৰাৰ পৰা দৈনিক ৰোলিং মিললৈ  
হেনো অটোৰে যাত্ৰী অনা- নিয়া কৰে।গতিকে,সেই পথত চলাচল কৰা অটোসমূহৰ মাজৰ পৰা সেইখন অটো চালকক কেনেকৈ বিচাৰি উলিয়াব পাৰিব যিসকল ব্যক্তিয়ে সেই চালকজনৰ অটোত উঠিছিল।নামটো প্ৰকাশ কৰা নাইয়েই বৰং অটোখনৰ নম্বৰ পৰ্যন্ত ৰাজহুৱা কৰা নাই।এতিয়া সেই পথেৰে অটোৰে অহা-যোৱা কৰাসকলৰ মাজত সৃষ্টি হৈছে আতংক।কাৰণ,কোনে কোনে বা ক'ভিড- ১৯ ত আক্ৰান্ত চালকজনৰ অটোত উঠিছিল তাকে ভাবি।গতিকে,এয়াই হৈছে বঙাইগাঁও জিলাবাসীৰ বিড়ম্বনা।জনসাধাৰণে কৰ'না মহামাৰীৰ পৰা নিজকে সাৱধান তথা সজাগ কৰি ৰাখিবলৈ বিচাৰে যদিও বঙাইগাঁও জিলা প্ৰশাসনৰ এনে অবিৱেচক কাণ্ডৰ বাবে বহু ব্যক্তি এতিয়া সংক্ৰমিত হোৱাৰ আশংকাহে বৃদ্ধি পাইছে।লগতে,নাম প্ৰকাশ নকৰাৰ ফলত আক্ৰান্ত চালকজনৰ বা আক্ৰান্ত ব্যক্তিসকলৰ সৈতে কোন কোন ব্যক্তি সংস্পৰ্শলৈ আহিছিল, সেই সঠিক তথ্য লাভ কৰাটো অসম্ভৱ হৈ পৰিছে।ফলত সামাজিকভাৱে সংক্ৰমিত এই মহামাৰীয়ে ভয়াৱহ ৰূপ লোৱাটো নিশ্চিত হৈ পৰে।উল্লেখ্য যে এই ৰোগৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত স্বয়ং ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'ভিড-১৯ পজিটিভ ৰোগীৰ নাম আৰু পৰিচয় ৰাজহুৱা কৰাৰ সপক্ষে মত আগবঢ়াই অহাৰ বিপৰীতে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ ক'ভিড ৰোগীৰ নাম ৰাজহুৱা নকৰাৰ নিৰ্দেশ দিয়া বিষয়টোক লৈ এতিয়া জিলাবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 


9435243911

Your Comments