ঘগ্ৰাপাৰত দুই আৰক্ষীসহ তিনিজনৰ দেহত ক’ৰ'না পজিটিভ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰত পুনৰ তিনিজনৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰাত বৃহত্তৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে।উল্লেখ্য যে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ এচআই শিৱকান্ত বৈশ্য(৫৮),থানাখনত কৰ্মৰত এছএছবি জোৱান ধৰ্মেন্দ্ৰ ঠাকুৰ (৩৩) আৰু খাতিকুছিৰ ধ্ৰুৱজ্যোতি ব্ৰহ্ম(৩০)ৰ দেহত ক'ৰ'না ভাইৰাছ পজিটিভ ধৰা পৰা বুলি চিকিৎসা বিভাগে দেওবাৰে সন্ধিয়া জানিবলৈ দিয়ে।

Covid

ইতিমধ্যে ঘগ্ৰাপাৰ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীয়ে লগে লগে তেওঁলোকক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

Your Comments