নলবাৰীলৈ স্বাগতম তোৰণ পৰিদৰ্শন,চাফ-চিকুণ জিলা উপায়ুক্তৰ

Nalbari DC

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলালৈ স্বাগতম তোৰণৰ সন্মুখভাগ বহুদিন ধৰি চাফ-চিকুণ নকৰাত গছ-লতাই আৱৰি ধৰাত দেওবাৰে পুৱা  নলবাৰী উপায়ুক্ত ভাৰত ভুষণ দেৱ চৌধুৰীয়ে পৰিদৰ্শন কৰাৰ লগতে পৰিৱেশ পৰিষ্কাৰ  কৰাত হাতে-কামে লাগে।উল্লেখ‍্য‍ যে যোৱা ৰাস উৎসৱৰ সময়তে নলবাৰী জিলাৰ উপায়ুক্তৰ তৎপৰতাত ৰঙিয়া-নলবাৰীৰ সীমামূৰীয়া ৰাষ্ট্ৰীয় ঘাইপথত নোনা নৈৰ দলং বিলপাৰ (নাৰিকুছি)ত নলবাৰীলৈ স্বাগতম তোৰণখন স্থাপন কৰিছিল।যাক লৈ সেই সময়ত নলবাৰী ৰাস উৎসৱ চাবলৈ অহা মানুহৰ সুবিধা হোৱাৰ উপৰিও বৰ্তমানে এই তোৰণখনে পথচাৰী ৰাইজক যাতায়তৰ ক্ষেত্ৰত বহুখিনি সহায় কৰি আহিছে বুলি চৰ্চিত  হৈছে।

Nalbari DC

ইফালে, উপায়ুক্তগৰাকীয়ে দেওবাাৰে নোনা নদীৰ পাৰত স্থাপিত তোৰণৰ জংঘল চাফা কৰি থকাৰ সময়তে উপস্থিত হয় ফুকন বসুমতাৰীসহ ভালেকেইগৰাকী যুব প্ৰবক্তা আৰু লেখকে।তেওঁলোকে উপায়ুক্তগৰাকীক    পৰিৱেশ নিকাকৰণ কাৰ্যত  সংগ দিয়ে।উপায়ুক্তগৰাকীৰ এই পদক্ষেপৰ নলবাৰী জিলাৰ সচেতন মহলে শলাগ লৈছে।

Your Comments