নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দঃ মহিলা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

Drugs

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও নগৰ আৰক্ষীয়ে  শনিবাৰে সন্ধিয়া চহৰৰখনৰ সমীপৰ ফাঁচী ৰোডত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীৰ নাম ৰোমেছা খাতুন।উল্লেখ্য যে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই অহা মহিলাগৰাকীৰ পুত্ৰকো কেইদিনমানৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।সম্প্ৰতি মহিলাগৰাকীক নগাঁও সদৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত ঔষধখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

 

Your Comments