মৃণাল ডেকা,শুৱালকুছি:
জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম শুৱালকুছি গাওঁ পঞ্চায়তৰ সচিব ধৰ্মানন্দ পাৰৈ আৰু পঞ্চায়তটোৰ ৪ নম্বৰ ৱাৰ্ডৰ সদস্যা মইনা ভৰালীৰ দেহত ক'ভিড পজিটিভ অহাত বস্ত্ৰ নগৰী শুৱালকুছিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পঞ্চায়তটোৰ সভাপতি কবিন দাসে জানিবলৈ দিয়া মতে শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডা°দীপক দাসৰ নিৰ্দেশ মৰ্মে যোৱা ২৪ জুনত পঞ্চায়তটোৰ সভাপতি,কাউন্সিলৰ,পঞ্চায়ত সচিব,সদস্য ৯ গৰাকী আৰু তিনিগৰাকী কৰ্মচাৰীকে ধৰি মুঠ ১৫ গৰাকী লোকৰ ছোৱাব সংগ্ৰহ কৰা হৈছিল।ছোৱাব সংগ্ৰহৰ ৬ দিন পিছত অহা ফলাফলত দুজন পঞ্চায়ত কৰ্মীৰ দেহত পজিটিভ আহে।স্বাস্থ্য বিভাগৰ নিয়ম মতে ছোৱাৱ সংগ্ৰহৰ পিছত ফলাফল নহালৈকে তেওঁলোক হোম কোৱাৰেন্টাইন হ'ব লাগিছিল যদিও পঞ্চায়তটোৰ সভাপতি,সচিব, কাউন্সিলৰ আৰু সদস্যসকলে প্ৰতিদিনে পঞ্চায়তখনত উপস্থিত হৈ নিয়মীয়া কাম-কাজ কৰাৰ উপৰিও পঞ্চায়তখনলৈ বিভিন্ন কামত অহা বহুসংখ্যক মানুহৰ লগত সম্পৰ্ক কৰে ৷ ইয়াকে লৈ শুৱালকুছিত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।পজিটিভ সচিবগৰাকীৰ ঘৰ ৰামদিয়াত আৰু সদস্যাগৰাকীৰ ঘৰ শুৱালকুছি বৰ্ডিং ৰ’ডত।দুয়োগৰাকীকে বৰ্তমান শিঙিমাৰী ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰিছে স্বাস্থ্য বিভাগে।ইতিমধ্যে স্বাস্থ্য বিভাগে পশ্চিম শুৱালকুছি গাঁঁও পঞ্চায়তৰ কাৰ্যালয় আৰু বৰ্ডিং ৰ’ড অঞ্চলটো সম্পূৰ্ণ ছেনিটাইজা কৰিছে।
- Log in to post comments
- 36 views