"অসমৰ বিত্তীয় অৱস্থা সন্দৰ্ভত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব লাগে শ্বেতপত্ৰ।কেন্দ্ৰৰ পৰা কিমান টকা পাবলৈ আছে,তাৰো হিচাপ ৰাইজক দিব লাগে"-এই দাবী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।"কৃষক নেতা অখিল গগৈক জেলত ভৰাই টোলগেট মুকলি কৰিছে।আগষ্টলৈকে কোনো বিভাগক বিত্ত বিভাগে টকা দিব নোৱাৰে বুলি জাননী জাৰি কৰিছে"-লগতে তেওঁ কয়।
ইফালে মণিপুৰলৈ যোৱা কংগ্ৰেছৰ দুই নেতা আজয় মাকন আৰু গৌৰৱ গগৈক কোৱাৰেণ্টাইন কৰা কাৰ্যক গৰিহণা দি সভাপতি বৰাই প্ৰশ্ন কৰে-দিল্লীৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধান গুৱাহাটী-তিনিচুকীয়ালৈ আহোঁতে কিয় কোৱাৰেণ্টাইন কৰা নহ'ল?
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তিনিমাহ দিল্লীত থাকি অসমলৈ অহাৰ পিছত কোৱাৰেণ্টাইন কিয় কৰা হোৱা নাছিল?কেন্দ্ৰীয় মন্ত্ৰীলৈ ক'ৰ'নাই ভয় কৰে নেকি?- বৰাই প্ৰশ্ন উত্থাপন কৰে।
মণিপুৰলৈ যোৱা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাকো কোৱাৰেণ্টাইন কৰিব লাগে বুলি দাবী অসম প্ৰদেশ কংগ্ৰেছৰ।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্ৰাষ্টেটেড হোৱা বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়-"মিৰ্জাত ১৩জন লৰাই আন্দোলন কৰোঁতে জবৰদস্তি কোৱাৰেণ্টাইন কৰা হ'ল।কোৱাৰেণ্টাইনক ৰাজনৈতিক প্ৰতিশোধ ল'বলৈ কৰা ব্যৱহাৰৰ ক্ষেত্ৰত '২১ত ৰাইজে প্ৰত্যুত্তৰ দিব।"
কেন্দ্ৰৰ বিজেপি চৰকাৰে সদায় অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে।প্ৰধানমন্ত্ৰী মোডীয়ে ডিঙিত গামোচা লোৱাটোৱে অসম প্ৰীতি হ'ব নোৱাৰে বুলি উল্লেখ কৰি বৰাই কয় - "অসমতকৈ উন্নত ৬খন ৰাজ্যৰ বাবে ৫০ হাজাৰ কোটি টকা গৰীৱ কল্যাণ আচনি হিচাপে ঘোষণা কৰিলে।কিন্তু অসম নাম সেই আঁচনিত অন্তৰ্ভুক্ত নহ'ল।"
"ভাষণেৰে অসমৰ উন্নতিৰ কথা কোৱাৰ বিপৰীতে কামেৰে পৰিচয় দিব লাগিব।গৰীৱ কল্যাণ আঁচনিত ৰাজ্যৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ পিছত কি কাৰণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নোৱাৰিলে।সোণোৱালৰ দায়িত্ব নাছিল নেকি অসমৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত।কংগ্ৰেছৰ দাবী অসমৰ নাম আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে"- বৰাই মন্তব্য কৰে।
ভাৰতৰ এক বৃহৎ ভূখণ্ড নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰাটো দুৰ্ভাগ্যজনক বুলি গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদ মেলত বৰাই উল্লেখ কৰে।
- Log in to post comments
- 12 views