নিমাওমাও পৰিৱেশৰে আৰম্ভ কামাখ্যাৰ অম্বুবাচী

Kamakhya

নিউজ ডেস্ক :

ধৰ্মীয় ৰীতি-নীতিৰে শক্তিপীঠ কামাখ্যা কামাখ্যা দেৱালয়ত আজিৰে পৰাই আৰম্ভ হয় অম্বুবাচী।পুৱা ৭.৫৩ বজাত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হোৱাৰ লগে লগে কামাখ্যা দেৱালৰ মূল দ্বাৰ বন্ধ কৰা হয়। আৰু ২৫ জুনৰ ৰাতি ৮.১৬ বজাত অম্বুবাচীৰ নিবৃত্তি হ'ব। উল্লেখ্য যে বিশ্বত্ৰাস ক'ৰোনা ভাইৰাছৰ বাবে পূৰ্বৰ দৰে এইবাৰ কোনো উৎসৱমুখৰ পৰিৱেশ নাই শক্তিপীঠ খনত।পূৰ্বৰ নিচিনাকৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ সাধু-সন্যাসী,ভক্ত কোনোৱে ভিৰ কৰা নাই কামাখ্যাৰ অম্বুবাচীত।দেৱালয় ফালৰ পৰা এইবাৰ বাতিল কৰা হৈছে মেলা।যিসকল ভক্ত অম্বুবাচীত আহিব বিচাৰি আছিল তেওঁলোকে এইবাৰ ঘৰৰ পৰাই মা'ক সেৱা কৰক -এই আহ্বান কামাখ্যাৰ দলৈ সমাজৰ। দর্শনাথীৰ বাবে কামাখ্যা দেৱালয়ৰ সকলো পথ আজি অম্বুবাচীৰ বাবে বন্ধ কৰি দিয়া হৈছে।এক কথাত কবলৈ গলে পূৰ্বৰ ছবিৰ বিপৰীতে এইবাৰ প্ৰায় নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকত।

Kamakhya2গুৰুত্বপূৰ্ণ কথা এই যে অহা ৩০জুনলৈকে ভক্ত তথা সাধাৰণ দর্শনাথী বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়।পৰিস্থিতি পৰ্যালোচনা কৰি কামাখ্যা দেৱালয় মুকলি কৰা- নকৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হব বুলিও অৱগত কৰে কামাখ্যাৰ দলৈ সমাজে। প্ৰতিবছৰে উলহ-মালহে অম্বুবাচী পালন কৰো কিন্তু এইবাৰ নিমাও-মাও এই কথা ব্যক্ত কৰি কামাখ্যা দলৈ সমাজে কয় "কামাখ্যা তথা গুৱাহাটীবাসী ৰাইজৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি অম্বুবাচী মেলা বাতিলৰ সিদ্ধান্ত লোৱা হৈছিল"।

Kaপূৰ্বতে এনেকুৱা ধৰণৰ পৰিৱেশ দেখা নাছিলোঁ।দেশত বহুত আন্দোলন-কাৰ্ফিউ গৈছে।কামাখ্যা দেৱালয় বন্ধ কৰি দিব লগা হোৱা নাছিল।দুই-চাৰি গৰাকী দর্শনাথী আহি দৰ্শন কৰিছিল।কিন্তু এইবাৰ অতিকৈ দুখজনক- দলৈয়ে কয়।

Your Comments