আহোম জাতিৰ বিৰূদ্ধে বিতৰ্কিত মন্তব্য কৰা বাঙালী নেতা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ বাবে দাহ কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি।পশ্চিমবংগ বিভিন্ন প্ৰান্তত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবি দাহ কৰি গৰ্গ চেটাৰ্জীৰ সমৰ্থকসকলে সাৱ্যস্ত কৰে প্ৰতিবাদ।
অসমৰ মুখ্যমন্ত্ৰী বাঙালী বিদ্বেষী বুলি তেওঁলোকে অভিহিত কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনি দিয়াও পৰিলক্ষিত হয়।
ৰাজ্যখনৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰী সোণোৱালৰ পোষ্টাৰ লগাই আঁঁৰি প্ৰতিবাদ কৰা দেখা গৈছে।
গুৰুত্বপূৰ্ণ যে 'কা'ৰ জৰিয়তে বাঙালী হিন্দুক সংস্থাপন দিব খোজা বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীৰ ছবি বাঙালী সমৰ্থকে এইদৰে প্ৰতিকৃতি দাহ কৰা কাৰ্যই অসমবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।সামাজিক মাধ্যমত বহুজন 'কা' বিৰোধী লোকে উল্লেখ কৰিছে-"হিন্দু বাঙালী অসম আহিলে কি হ'ব তাৰে উদাহৰণ।কি ক'ব 'কা' সমৰ্থনকাৰী চৰকাৰ তথা অসমীয়া সমৰ্থকসকলে?"
- Log in to post comments
- 31 views