দ্বিজেন ডেকা,ঘগ্ৰাপাৰ :
সমগ্ৰ অসমত শনিবাৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।সদৌ অসম ছাত্ৰ সন্থা,অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাৰ লগতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বিপ্লৱী সৈনিক শিল্পীগৰাকীৰ ৫১ সংখ্যক মৃত্যু তিথিৰ লগত সঙ্গতি ৰাখি নলবাৰী জিলা পুথিভড়ালত শ্রদ্ধা জনোৱাৰ উদ্দেশ্যেৰে মিলিত হয়।জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুবাই।তেওঁ সাম্প্ৰতিক সময়ত কলাগুৰুগৰাকীৰ মহান আদৰ্শ তথা কৰ্মৰাজিক নৱ প্ৰজন্মই আখৰে আখৰে পালন কৰাৰ প্ৰাসঙ্গিকতাৰ কথা দোহাৰে।
অনুষ্ঠানত নলবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আব্দুল হালিমে কলাগুৰু ৰাভাৰ।প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদ ,সাংস্কৃতিক সম্পাদক পৰাগ জ্যোতি কলিতা,জিলা গ্ৰন্থগাৰিক ,জিলা কৰ্মচাৰী পৰিষদ,সাংবাদিকসকল আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে পুষ্পাঞ্জলী প্ৰদান কৰে ।পৰৱৰ্তী সময়ত জিলা ছাত্ৰ সন্থাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিল্প সাধনাৰ লগত জড়িত কিন্তু চৰকাৰী সাহায্য তথা উৎসাহৰ পৰা বঞ্চিত নলবাৰী জিলাৰ দুগৰাকী কলাসাধক ধমধমাৰ ভাস্কৰ্য শিল্পী অশ্বিনী দেৱ শৰ্মা, যিগৰাকী শিল্পীয়ে জন্মৰ ১৫ বছৰ বয়সৰ পৰা আজি ৮৫ বছৰ বয়সতো ভাস্কৰ্য শিল্প কলাৰ লগত জড়িত আৰু বৰভাগ কালাগৰ চিত্ৰ শিল্পী কলানিৰ্দেশক প্ৰমোদ কাকতিক সম্বৰ্ধনা জনায়।আনহাতে,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ৫০ গৰাকী শিল্পীক ঘৰে ঘৰে গৈ বিশেষভাৱে সম্বৰ্ধনা জনায়।ছাত্ৰ সন্থাৰ এনে কাৰ্যসূচীৰ শিল্পীসকলৰ লগতে জিলাখনৰ সাংস্কৃতিক মহলে ভূয়সী প্ৰশংসা কৰে।লগতে যিসকল শিল্পীয়ে নিজৰ শিল্প কলাৰ লগত নিষ্ঠা,সততা আৰু প্ৰচাৰ বিমুখ হৈ নিৰৱছিন্নভাবে আজিও জড়িত হৈ আছে সেই মহান শিল্পীসকলক শিল্পী পেঞ্চন আৰু সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই এটা প্ৰেছ বিজ্ঞপ্তি যোগে আহ্বান জনাইছে ।
- Log in to post comments
- 34 views