"৭ জুলাইৰ ভিতৰত নিৰ্বাপিত হ'ব বাঘজানৰ জুই"-অইল ইণ্ডিয়াৰ মুখপাত্ৰ

Baghjan Fire

"অহা ৭ জুলাইৰ ভিতৰত নিৰ্বাপিত হ'ব বাঘজানৰ অইল ইণ্ডিয়া তৈল খাদৰ জুই"-এই কথা প্ৰকাশ কৰিছে অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ত্ৰিদীৱ হাজৰিকাই।২৭ মে'ৰ পৰা বাঘজানৰ খাদটোত তেল আৰু গেছ নিৰ্গমন হৈ থকা পিছত যোৱা ৯ জুনত সংঘটিত হৈছিল অগ্নিকাণ্ড।বিগত ১১দিন ধৰি জ্বলি থকা জুই নির্বাপন কৰিবলৈ বিদেশৰ পৰা অহা বিশেষজ্ঞৰ সহায়ত প্ৰচেষ্টা চলাই থকা হৈছে যদিও নির্বাপিত হোৱা নাই জুই।

"অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক।সেই সকলক দিয়া হ'ব উচিত ক্ষতিপূৰণ"-হাজৰিকাই কয়।

"১০টা আশ্ৰয় শিবিৰত ৰখা হৈছে অঞ্চলবাসীক।প্ৰায় ৯হাজাৰ লোকক সহায়ৰ হাত আগবঢ়াইছে অইল ইণ্ডিয়াই"-হাজৰিকাই উল্লেখ কৰে।

Your Comments