ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধ:নলবাৰীত 'নিশ্চয়তা' আঁচনিৰ শুভাৰম্ভ,উপায়ুক্তৰ পৰা স্বোৱাব সংগ্ৰহ

Nalbari DC

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:

ক'ভিড-১৯ সন্দৰ্ভত 'অসম লক্ষ্য প্ৰণোদিত নিৰীক্ষণ আঁচনি' চমুকৈ 'নিশ্চয়তা' নামেৰে এখন নতুন আঁচনি আৰম্ভ কৰা হৈছে ।এই আঁচনিখনৰ অধীনত ট্ৰাক চালক,লোডিং-আনলোডিং গুডামত কাম কৰা লোক,হোটেল-ধাবা আদিত কাম কৰা লোক,প্ৰশাসনীয় বিষয়া-কৰ্মচাৰী,স্বাস্থ্য,আৰক্ষী,পৰিবহণ আদি বিভাগৰ লোক,আনুষ্ঠানিক কোৱাৰেন্টাইনত থাকি যোৱা লোকৰ পৰিয়াল,পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী,পাণ দোকানী,গেলামাল দোকানী আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ শ্বোৱাব সংগ্ৰহ কৰি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ হৈছে নেকি পৰীক্ষা কৰা হ'ব।নলবাৰীত 'নিশ্চয়তা' আঁচনিৰ শুভাৰম্ভ কৰি বুধবাৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে প্ৰথমে শ্বোৱাব দিয়ে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ শ্বোৱাব সংগ্ৰহ কেন্দ্ৰত।তেওঁৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:উমেশ ফাংচু,জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাণী ৰাজবংশী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: কৈলাশ  ডেকা আদি কৰি বিষয়াসকলেও শ্বোৱাব দিয়ে পৰীক্ষা কৰাৰ বাবে।'নিশ্চয়তা' আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: ধনঞ্জয় কলিতাকে ধৰি সমূহ চিকিৎসক , নাৰ্চসকল আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে।এই 'নিশ্চয়তা' আঁচনিৰ অধীনত ১৭ জুন,২০২০ তাৰিখৰ পৰা ২৭ জুন,২০২০ তাৰিখলৈ জিলাখনত শ্বোৱাব লোৱা হ'ব বুলি জানিব পৰা গৈছে।

Your Comments