বঙাইগাঁৱৰ প্ৰতিবেদক:
দিহিং পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খনন বন্ধ কৰি বৰ্ষাৰণ্যখনৰ জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা,নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰল্পৰ কাম শীঘ্ৰে বন্ধ কৰা তথা বাঘজানৰ ঘটনাক সাঙুৰি মঙলবাৰে বঙাইগাঁও জিলা 'আছু'ৱে এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।আছু কৰ্মীসকলে হাতে -হাতে বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড লৈ জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আছুৰ সভাপতি যিনোদ নাথে সংবাদ মাধ্যমৰ আগত কয় যে দিহিং পাটকাই,বাঘজান আৰু বৃহৎ নদীবান্ধ বিষয়কেইটাক সাঙুৰি জিলা আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপাায়ণ কৰে।জিলা সভাপতিগৰাকীয়ে দিহিং পাটকাইত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সহযোগত যি লুণ্ঠন কাৰ্য চলাইছে,সেই অবৈধ কয়লা খনন কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই দিহিং পাটকাইৰ জৈৱ বৈচিত্ৰ আৰু জীৱকুুলক নিৰাপদে বাচি থাকিবলৈ দিয়ক বুলিও কয় ৷ আনহাতে,বাৰিষাৰ প্ৰথমজাক বৰষুণতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে পাহাৰ খহি পৰিছে।গতিকে,চৰকাৰক আমি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছোঁঁ।তাৰ পিচতহে বান্ধৰ কথা চিন্তা কৰক।লগতে, সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আৰু উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মানি চলাৰ লগতে জল বিদ্যুৎ প্ৰকল্পৰ নামনি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ মতামত গ্ৰহণ কৰাৰ পিচতহে নদীবান্ধৰ কথা চিন্তা কৰিবলৈ চৰকাৰক দাবী জনায়।সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ যি কোনো হঠকাৰী সিদ্ধান্তত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰক হাত উজান নিদি সৎ সাহসেৰে তাৰ বিৰোধিতা কৰি অসম প্ৰেমৰ পৰিচয় দিবলৈকো আহ্বান জনায়।ইয়াৰ লগতে শেহতীয়াভাৱে জনসাধাৰণে নিৰাপত্তাহীনতাত ভুগিছে বুলি কৈ যোৱা কেইদিনমানত অসমৰ কেইজনমান তেজাল যুৱকে বিভিন্ন আততায়ীৰ হাতত প্ৰাণ দিব লগীয়া হৈছে উল্লেখ কৰে।গতিকে,এইধৰনৰ ঘটনাৰ লগত জড়িতক অসম চৰকাৰে কৰায়ত্ত কৰি ফাষ্ট্ৰেক আদালতত বিচাৰ কৰি অতি শীঘ্ৰে শাস্তি বিহিব লাগে বুলি কয়।প্ৰতিবাদী কাৰ্যসূচীত জিলা আছুৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ ৰায় চৌধুৰী,বঙাইগাঁও আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায়,সাধাৰণ সম্পাদক জগদ্বীশ ৰায়কে ধৰি আছু কৰ্মীসকলে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 13 views