বাৰাংহাটীৰ বিশিষ্ট সমাজসেৱক অশোক কলিতাৰ ১০৫ বছৰ বয়সত মৃত্যু:অনুষ্ঠান- প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী নিবাসী বয়োজ্যেষ্ঠ সমাজকৰ্মী অশোক কলিতাৰ সোমবাৰে নিশা ১০৫ বছৰ বয়সত নিজ বাসভৱনত মৃত্যু হয়৷
তেওঁৰ মৃত্যুৰ বাতৰি পোৱামাত্ৰকে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়।জীৱিতকালত কলিতাই বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে বাৰাংহাটী সাপ্তাহিক বজাৰ,দৌল পুখুৰীপাৰ হাইস্কুল,বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,বাৰাংহাটী পশু চিকিৎসালয়,বাৰাংহাটী গাওঁ পঞ্চায়ত,বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷কলিতাই জীৱনৰ আধা সময় শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কাম-কাজতে ব্যস্ত আছিল।তেওঁঁ মৃত্যুত সুদৰ্শন ক্লাব বাৰাংহাটী,পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থা,মধ্য বাৰাংহাটী গাঁঁও উন্নয়ন সমিতি,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য বাৰাংহাটী প্ৰাথমিক শাখা,বৈল্লপে’ৰা গোষ্ঠীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,দল -সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।মৃত্যুৰ সময়ত তেওঁ চাৰিগৰাকী পুত্ৰ,বোৱাৰীকে ধৰি কেইবাগৰাকীও নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়।

Your Comments