পছৰীয়াৰ গাওঁবুঢ়া আদিত্য ৰাম কলিতাৰ বিয়োগ:অঞ্চলজুৰি শোকৰ ছাঁ

Pic

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ পছৰীয়াৰ বিশিষ্ট সমাজকৰ্মী তথা পছৰীয়াৰ ন্যায়াধীশস্বৰূপ পছৰীয়া কেওঁটবড়ীৰ গাঁওবুঢ়া আদিত্য ৰাম কলিতাৰ ১৪ জুনৰ নিশা ৮৭ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজ গৃহত মৃত্যু হয়।পছৰীয়াৰ অভিভাৱক হিচাপে পৰিচিত গাওঁবুঢ়াজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাত গাওঁখনৰ অগণন গুণমুগ্ধৰ লগতে পছৰীয়াৰ সামাজিক অনুষ্ঠান তথা দল -সংগঠনৰ লোক প্ৰয়াত কলিতাৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মৃতদেহ এখন পুষ্প সজ্জিত বাহনত লৈ পছৰীয়া গাওঁখনৰ মাজেৰে শোভাযাত্ৰা উলিয়ায়।তেওঁ জড়িত থকা পছৰীয়া কুশল কোঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণলৈ মৃতদেহ অনাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক সৰ্বানন্দ কলিতা,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা তথা বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জনায়। বিদ্যালয়খনত অনুষ্ঠিত এখন শোকসভাত অংশগ্ৰহণ কৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে পছৰীয়াৰ বিশিষ্ট সমাজকৰ্মী আদিত্য গাওঁবুঢ়াক হেৰুৱাই পছৰীয়াবাসী অভিভাৱকহীন হৈ পৰিল।ছাত্ৰ নেতাগৰাকীয়ে বিশিষ্ট সমাজকৰ্মীজনৰ স্মৃতি ৰোমন্থন কৰি কয় যে গাওঁখনৰ যিকোনো বিপদৰ সময়ত যিকোনো পৰিস্থিতিতে উচিত সিদ্ধান্ত ল'ব পৰা গুণৰ বাবে তেওঁ পছৰীয়াৰ ন্যায়াধীশ হিচাপে জনাজাত।

Pic

প্ৰাক্তন আছু নেতা প্ৰদীপ শৰ্মাই  কয় যে পছৰীয়া অঞ্চলৰ এগৰাকী প্ৰকৃত স্পষ্টবাদী লোক আছিল  প্ৰয়াত কলিতা আৰু সদায়ে ন্যায় প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল।মৃত্যুৰ আগমুহূৰ্তলৈ গাঁঁওখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও প্ৰয়াত কলিতা পছৰীয়া কুশল কোঁৱৰ হাইস্কুল,শ্বহীদ মুকলি ৰয় ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক সদস্য আছিল।তেওঁঁ পছৰীয়া সাৰ্বজনীন লক্ষ্মী পূজাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল।মৃত্যুৰ সময়ত পত্নী,চাৰিজন পুত্ৰ,বোৱাৰী আৰু চাৰিগৰাকী জীয়াৰীক এৰি থৈ যায়।
 

Your Comments