মৃণাল ডেকা,শুৱালকুছি:
অগ্ৰণী স্বেচ্ছাসেৱী সামাজিক সংগঠন 'জখলা'ৰ উদ্যোগত সদ্য ঘোষিত হাই মাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল কৰা হাজো ৰাজহ চক্ৰৰ অলিকাষ গাঁৱৰ আপছানা ইয়াছমীন,হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কৰিয়া হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা হাবলাখা গাঁৱৰ ৰিদীপ জ্যোতি বৈশ্য,ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দশম স্থান অধিকাৰ কৰা ৰামদিয়া ভঠেলি চুবাৰ ভাৰ্গৱ দাসক ১৪ জুন তাৰিখে সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধনা জ্ঞাপন কৰি জখলাৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল মালাকাৰে কয় যে হাজো সমষ্টিৰ আটাইতকৈ মূল্যবান সম্পদ হৈছে মানৱ সম্পদ।এই মানৱ সম্পদ গঢ় দিয়া সমষ্টিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে হাজোৰ মানৱ সম্পদক উপযুক্ত দিক-নিৰ্দেশনা আৰু প্ৰণালীবদ্ধভাবে আগুৱাই নিবলৈ জখলাৰ কৰ্মকৰ্তাসকল ৰাইজৰ ওচৰত সদায় দায়বদ্ধতাৰে কাম কৰি যাব।জখলাৰ এই কাৰ্য্যসুচীত সভাপতি মৃদুল মালাকাৰক সহযোগিতা আগবঢ়ায় সম্পাদক ৰাতুল দাস,আনোৱাৰ আহমেদ,অজিত ঠাকুৰীয়া,কুলজ্যোতি,বাবুল দাস,ধ্ৰুৱ জ্যোতি কলিতা,আখতাৰ হুছেইন,দিলদাৰ হুছেইন,ৰফিকুল ইছলামৰ লগতে হাজোৰ স্থানীয় ৰাইজে।
- Log in to post comments
- 43 views