স্বাস্থ্য মন্ত্ৰীৰ সমষ্টি জালুকবাৰীত একমাত্ৰ পুত্ৰক সুস্থ কৰি ৰখাৰ সংগ্ৰামত এহাল দৰিদ্ৰ দম্পতী 

Pic

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ নিকটৱৰ্তী বংশৰত প্ৰব্ৰজিত শিপিনী তথা দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা গনেশ দাস আৰু পখিলা দাসৰ একমাত্ৰ পুত্ৰ ৰাজীৱ দাস পাঁচ বছৰ বয়সতে এক অচিন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠ বছৰৰ যন্ত্ৰণাকাতৰ জীৱনে সকলোকে বিচলিত কৰি তুলিছে।উল্লেখ্য যে পিতৃ গনেশ দাসে দৈনিক  হাজিৰা কৰাৰ লগতে মাতৃ পখিলা দাসে তাঁতশালৰ শিপিনী হিচাপে কোনোমতে জীৱন সংগ্ৰাম কৰি দুবেলা দুসাঁঁজ খাই জীৱন নিৰ্বাহ কৰি থকাৰ মাজতেই হঠাৎ পাঁচ বছৰ বয়সতে একমাত্ৰ পুত্ৰ ৰাজীৱৰ শৰীৰত এটা অচিন ৰোগে দেখা দিয়াত পিতৃ -মাতৃয়ে পুত্ৰৰ চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে।দিন হাজিৰা কৰা পিতৃৰ এফালে ভোকৰ যন্ত্ৰণা,আনফালে পুত্ৰক সুস্থ কৰি তোলাৰ বাসনাই চিকিৎসাৰ নামত এপদ-এপদকৈ বিক্ৰী কৰিলে ঘৰৰ মূল্যৱান সা-সম্পত্তি।পুত্ৰক সুস্থ কৰিবলৈ নিজৰ বুলিবলৈ থকা ভেটিৰ মাটিদৰাও বিক্ৰী কৰি দিয়ে।তথাপিও ৰাজীৱৰ শৰীৰৰ অচিন ৰোগৰ কাৰণ উলিয়াব নোৱাৰিলে চিকিৎসকে।পঢ়াশুনাত মেধাৱী ৰাজীৱে বিগত আঠ বছৰে ভালদৰে শুব পৰা নাই।গোটেই শৰীৰত মূৰৰ পৰা ভৰিলৈ অচিন ৰোগে দেখা দিয়াৰ ফলত ভাড়াঘৰতেই আৱদ্ধ হৈ আছে।মৃত্যু যন্ত্ৰণাতকৈও যেন ভয়াবহ হৈ পৰিছে ৰাজীৱৰ জীৱন।সকলো শেষ হৈ যোৱাৰ পিছত দুৰ্ভগীয়া পিতৃ-মাতৃয়ে বিচাৰিছে কোনো হৃদয়ৱান লোকৰ কিঞ্চিত সাহায্য।

Pic

স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ বংশৰত বাস কৰা এই পৰিয়ালটিৰ একমাত্ৰ পুত্ৰৰ  চিকিৎসাৰ ব্যৱস্থা ল'বলৈ স্বাস্থ্য মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে আনহাতে,কোনো হৃদয়বান লোকে সহায়-  সহযোগিতা আগবঢ়ালৈ বিচাৰিলে মাতৃৰ একাউণ্ট নং ৩৬৮৯২৬৯৭১৭,IFSC- CBINO ২৮৪৩৫২ বংশৰ আমবাড়ী শাখাত সহযোগিতা কৰিব পাৰে।

Your Comments