ঘগ্ৰাপাৰত গাওঁবুঢ়াৰ মাজত স্মাৰ্ট ফোন বিতৰণ বিধায়ক অশোক শৰ্মাৰ 

Ashok Sarma

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰত শনিবাৰে অসম চৰকাৰৰ দ্বাৰা গাওঁবুঢ়াসকললৈ বিনামূলীয়াকৈ দিয়া স্মাৰ্ট ফোন বিতৰণৰ শুভাৰম্ভ কৰা হয়।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত শনিবাৰে দিনৰ ১১ বজাত বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।শুভাৰম্ভণি কৰি বিধায়কগৰাকীয়ে কয় যে বৰ্তমান মহামাৰী ৰূপে দেখা দিয়া ক’ৰ'না ভাইৰাছৰ লগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ তথ্য সংগ্ৰহ কৰাত চৰকাৰৰ এই অভিলাষী আঁচনিখনে গাওঁবুঢ়াসকলক সকাহ প্ৰদান কৰিব।লগতে,গাওঁবুঢ়াসকলৰ এই স্মাৰ্ট ফোনৰ ব্যৱহাৰে গাওঁবাসীৰো উপকাৰ সাধন কৰিব।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকাই সভাপতিত্ব কৰা  অনুষ্ঠানটোত নলবাৰী জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেইখ উপস্থিত থাকি এই স্মাৰ্ট ফোনে গাওঁবুঢাসকলক তথ্য সংগ্ৰহ কৰাত বিশেষ ভাৱে উপকৃত কৰিব বুলি মন্তব্য কৰে।লগতে  তেওঁ ভাষণত গাঁওবুঢ়াসকলক পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ নিজৰ কৰ্তব্য বুলি নাভাবি প্ৰতিটো মুহূৰ্ততে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।চৰকাৰী নিৰ্দেশনা অনুসৰি  সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিব লগা হোৱাৰ বাবে ৰাজহ চক্ৰটোৰ ৪৪ গৰাকী গাঁওবুঢ়াৰ ভিতৰত  মাত্ৰ ৮ গৰাকী গাওঁবুঢ়াক আনুষ্ঠানিকভাৱে স্মাৰ্ট ফোন প্ৰদান কৰে।বাকী থকাসকলক পৰৱৰ্তী সময়ত চক্ৰ বিষয়াই প্ৰদান কৰিব বুলি জনাইছে৷

 

Your Comments