হাজো সমষ্টিৰ ধুহি গাঁও পঞ্চায়তত বৰলীয়া নৈত জৰাজীৰ্ণ দলং:পুনৰ নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিৰে আলোচনাৰ আশ্বাস বিজেপি নেতাৰ

Pic

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:

এখন জৰাজীৰ্ণ বিপদসংকুল দলং৷হাজো বিধানসভা সমষ্টিৰ ধুহি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১নং ধুহি লৰমা গৌৰহাটী,হুৰমাবড়ি সংযোগী আৰু বৰলীয়া নৈৰ ওপৰত থকা উক্ত দলংখনৰে বিপদসংকুলভাৱে অহা-যোৱা কৰে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে৷চৰকাৰ আহে আৰু যায়,কোনো চৰকাৰৰে চকু নপৰে    জৰাজীৰ্ণ দলংখনত৷চৰকাৰ অথবা জনপ্ৰতিনিধিক বহুত কাকূতি-মিনতি কৰিছে ভূক্তভোগী ৰাইজে৷তপাপিও সুদৃষ্টি পৰা নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ৷বছৰৰ পিচত বছৰ ধৰি ৰাইজে জীয়াতু ভুগিয়ে আছে৷ৰাইজৰ দুৰ্দশাৰ কথা সংবাদ মাধ্যম যোগে জানিব পাৰি ১১ জুনত উক্ত দলংখন  পৰিদৰ্শন কৰে হাজো সমষ্টিৰ বিজেপি যুৱনেতা তথা ৰাজ্যিক বিজেপিৰ মেডিয়া চেলৰ সহ-আহ্বায়ক নিবাৰণ লহকৰ৷।দুৰ্বল  দলংখন কোনোমতে পাৰ হৈ নেতাগৰাকীয়ে গাওঁখনৰ জনতাৰ লগত মত-বিনিময় কৰে৷

Pic

ৰাইজে আগ্ৰহৰে নেতাগৰাকীক আদৰণি জনায়৷ৰাইজৰ আদৰণি গ্ৰহণ কৰি লহকৰে কয় যে ভগ্ন দলংখন মেৰামতি কৰাৰ বাবে    সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিৰ লগত আলোচনা কৰিব৷দলংখনৰ মেৰামতি কৰাৰ অতিপাত প্ৰয়োজন বুলি ৰাইজক অৱগত কৰে৷

 

Your Comments