হাজোত চুৰি গৰুসহ গৰুচোৰ আটক:গৰুচোৰক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ গুলীবৰ্ষণ,জব্দ বিলাসী বাহন 

Cow Thief

হাজোৰ পৰা কমলাকান্ত দাস:

ৰাজ্যত চলি থকা লকডাউনৰ সময়ছোৱাৰ লগতে বিগত কেইবাবছৰ ধৰি হাজোৰ ভিন্ন প্ৰান্তত কৃষক তথা গোপালকসকলৰ নিদ্ৰাহৰণ কৰি আহিছে গৰুচোৰে।এইক্ষেত্ৰত আৰক্ষীৰ চকুত ধূূলি দি নিৰ্বিঘ্নে গৰু চুৰি কৰি আহিছে গৰু চুৰি চক্ৰই।অৱশেষত হাজো আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা চুৰি গৰুসহ গৰুচোৰক আটক কৰিবলৈ সক্ষম হয়।ঘটনাৰ বিৱৰনী মতে,হাজো আৰক্ষীয়ে বুধবাৰে নিশা নিয়মীয়া পেট্ৰোলিঙৰ সময়ত  হাজোৰ সাতদলা চ'কত এখন বিলাসী বাহনৰ ভিতৰত কেইবাটাও চুৰিগৰু কঢ়িয়াই অনা প্ৰত্যক্ষ কৰিছিল।সেই সময়ত আৰক্ষীয়ে গাড়ীখন ৰখাৱলৈ ইংগিত দিয়ে যদিও গৰুচোৰৰ দলটোৱে ওলোটাই আৰক্ষীক আক্ৰমণ কৰে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ হাজো আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলী বৰ্ষণ কৰিব লগা হয়।তেতিয়া পথত বিলাসী বাহনসহ চুৰি গৰু এৰি পলায়ন কৰে।লগে লগে আৰক্ষীয়ে খেদি যায় আৰু হাজো আদালত আৰু এছবিআইৰ এখন দেৱাল পাৰ হ'বলৈ ধৰোঁঁতে হাজোৰ দলৈতোলাৰ মফিৰ আলীৰ পুত্ৰ জাকিৰ আলী ওৰফে ভূমিক (৩৫) আটক কৰিবলৈ সক্ষম হয়।

Cow Thief

কিন্তু,বাকী তিনিটা গৰুচোৰে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।আৰক্ষীয়ে গৰুচোৰে ব্যৱহাৰ কৰা এখন বিলাসী মহিন্দ্ৰা কোৱান্টো AS 01 BJ 5683 নম্বৰৰ গাড়ী জব্দ কৰাৰ লগতে গাড়ীখনৰ ভিতৰত তিনিটা চুৰি গৰু পোৱালী উদ্ধাৰ কৰে।ইফালে একে নিশাই অভিযান চলাই হাজোৰ দলৈতোলাৰ বেলা আহমেদৰ ঘৰৰ পৰা আন দুটা চুৰি গৰু আৰক্ষীয়ে উদ্ধাৰ কৰে।হাজো আৰক্ষীৰ এই সফলতাত হাজোৰ সচেতন মহলে কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু গৰু চুৰি চক্ৰটোক অতি শীঘ্ৰে উৎখাত কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাইজে দাবী জনাইছে ।

Your Comments