১০০ শতাংশ উত্তীৰ্ণৰে উজলিল অসমীয়া মাধ্যমৰ বিদ্যালয় ৰাম সৰস্বতী একাডেমী

মৃণাল ডেকা,শুৱালকুছি :

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কামৰূপ জিলাৰ ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান ৰাম সৰস্বতী একাডমীয়ে এইবেলিও ১০০ শতাংশ উত্তীৰ্ণ হৈ সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হয়।বিদ্যালয়খনৰ মুঠ ৪৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৭ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে তাৰে ১১ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন আৰু ১৬ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় ৷ আনহাতে,উক্ত বিদ্যালয়ৰে পৰা সাধাৰণ গণিতত চম্পক কলিতা,ঈণান ভৰদ্বাজ,কৰণ কৌশিক কলিতা,পুষ্পক জ্যোতি শৰ্মা,ছবনাম আখতাৰ,ইশাৰাণী কলিতা,ঝৰ্ণা দাস,প্ৰিয়াশ্ৰী দাসে ১০০ নম্বৰ লাভ কৰে।ইয়াৰে উচ্চ গণিতত চম্পক কলিতা,ঈণান ভৰদ্বাজ,ঝৰ্ণা দাস,প্ৰিয়াশ্ৰী দাসে ১০০ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে।বিদ্যালয়খনৰ ঈণান ভৰদ্বাজে ৫৭৬ নম্বৰ সহ ৯৬ % লাভ কৰি আঠ নম্বৰৰ বাবে স্থান লাভ নকৰিলে৷বিদ্যালয়খনৰ অধ্যক্ষ বিপুল জ্যোতি শৰ্মাই জানিবলৈ দিয়া মতে ২০০৫ চনৰ পৰাই বিগত ১৬ বছৰে বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ১০০% উত্তীৰ্ণ হোৱাৰ উপৰিও ২০১৬ চনত বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।যোৱা বেলিও মাত্ৰ পাঁচ নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাৰ দৰেই এইবেলিও এগৰাকী ছাত্ৰই আঠ নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাত কেনো আক্ষেপ নাই বুলি কয়।বৰঞ্চ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন আৰু ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ গণিত আৰু উচ্চ গণিতত ১০০ নম্বৰ পোৱাত বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।
 

Your Comments