নলবাৰী মেডিকেল কলেজৰ চাৰিবেৰৰ  নিৰ্মাণৰ নামত গৌতম কনষ্ট্ৰাকছনৰ দৌৰাত্ম‍্য:কৃত্ৰিম বানত পণবন্দী হ'ব ঘগ্ৰাপাৰৰ কুৰিখনতকৈ অধিক গাঁৱৰ কৃষক

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:


নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাঁৱত প্ৰস্থাৱিত  প্ৰায় ডেৰশ বিঘা মাটিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য্য পূৰ্ণোদ্যমে চলি থকাৰ সময়তে কলেজখনৰ চাৰিবেৰ নিৰ্মাণৰ নামত গৌতম কনষ্ট্ৰাকছন নামৰ সংস্থাটোৰ দৌৰাত্ম‍্যই  বৃহত্তৰ অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে।উল্লেখ‍্য‍ যে কলেজখনৰ চাৰিবেৰ নিৰ্মাণৰ নামত সংস্থাটোৰ মইমতালী আৰু ত্ৰুটীপূৰ্ণ কামৰ বাবে যোৱা বৰ্ষত বৃহত্তৰ অঞ্চলটোৰ কুৰিখন গাঁৱৰ ৰাইজ,কৃষক সমাজৰ প্ৰায় ৫০০০বিঘা কৃষিভূমি পানীত আৱদ্ধ হৈ খেতি-বাতি নষ্ট হোৱায়ে নহয় বিভিন্ন সমস্যাত পৰিছিল।এই ক্ষেত্ৰত নলবাৰী প্ৰশাসন আৰু গড়কাপ্তানি বিভাগেও চকু মুদা কুলিৰ ভাও লোৱা বুলি অভিযোগ উত্থাপন হৈছে।আনকি মন্ত্ৰীৰ নিৰ্দেশনাকো সংশ্লিষ্টসকলে অংগুষ্ঠ প্ৰদৰ্শন কৰা বুলি  অভিযোগ উঠিছে।উল্লেখ‍্য‍ যে মেডিকেলখনৰ নিৰ্মাণ দায়িত্ব লাভ কৰা গৌতম কনষ্ট্ৰাকচন নামৰ কোম্পানীটোৱে এই কামৰ   ত্ৰুটীপূৰ্ণ প্ৰাক্কলন প্ৰস্তুত কৰি নিজৰ মইমতালিৰে ইতিমধ্যে চাৰিবেৰৰ নিৰ্মাণ কাম -কাজ প্ৰায় সম্পূৰ্ণ কৰিছে যদিও উক্ত স্থানেৰে বছৰ বছৰ ধৰি কেবাটাও জানৰ পানী কুন্দৰগাঁও আৰু দক্ষিণগাঁৱৰ দলং দুখনৰে প্ৰকৃতিগত বোৱতী পানী,ওলাই গৈছিল যদিও উক্ত স্থানত মেডিকেলখনৰ চাৰিবেৰ নিৰ্মাণ কৰাত পানী ওলাই যাব পৰা নাই।পানী ওলাই যাবলৈ বিশেষভাৱে বেৰৰ সুৰুঙাৰ ব‍্যৱস্থা গ্ৰহন নকৰি মাত্ৰ সৰু সুৰুঙা এটা ৰখাৰ ফলত আঞ্চলটোৰ দক্ষিণগাঁও,কুন্দৰগাঁও, গুৱাকুছি,কোঠৰা, উদায়পুৰ, কুৱাৰীকুছি, নহাউলি ,পাটকতা,গাইতান,ভানুকুছি, চত্ৰা, পৈছৰা, নিমুৱা, চিলিং, কুন্দৰগাঁও, জাৱৰিহাটী, কঞাঁজেনী, নিজখগটা, বৰজাৱৰিহাটী, নিজবড়িগোগ,লাটিমা আদি গাঁৱৰ প্ৰায় পাঁচ হাজাৰ বিঘা কৃষিভুমি যোৱা বৰ্ষ নষ্ট হৈ পানীত বুৰ যোৱাৰ লেখিয়া এইবেলি বাৰিষাৰ দিনতো পানীৰ তলত থকাৰ আশংকা ঘনীভূত হৈছে।  জানিব পৰামতে উক্ত মেডিকেল কলেজখনৰ দক্ষিণ দিশত প্ৰায় ১ মিটাৰমান বহল এটি সুৰুঙা পানী ওলাই যোৱাৰ বাবে ৰখাত আগন্তুক বাৰিষা কালত পানীৰ কোবাল সোঁঁত বৈ যোৱাত যে বাধাৰ সৃষ্টি হৈ অঞ্চলটোৰ প্ৰায় ৫০০০ হাজাৰ বিঘা কৃষিভূমি কৃত্ৰিম বানত ডুব হৈ থাকিব সেয়া নিশ্চিত বুলি সচেতন মহলে দাবী কৰিছে।শেহতীয়াভাৱে মেডিকেল কলেজৰ চাৰিওফালৰ পকীবেৰৰ বান্ধে সৃষ্টি কৰা আবদ্ধ পানী বাহিৰ কৰি অঞ্চলৰ কৃষক,স্থানীয় আৱাসীৰ পুখুৰী, বস্তি বাট পথ সমুহ ৰক্ষা কৰি সমস্যা দূৰ কৰাৰ বাবে স্বাস্থ‍্য তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,আৰু নলবাৰী জিলা উপায়ুক্তক বৃহত্তৰ অঞ্চলটোৰ দল-সংগঠন,কৃষকসমাজ তথা ৰাইজে দাবী জনাইছে।ইফালে,অঞ্চলটোৰ স্থানীয় প্ৰায় দুইশতাধিক ৰাইজ,কৃষক, গাঁওবুঢ়া,পঞ্চায়ত সভানেত্ৰী,সংঘৰ মুৰব্বী আদিয়ে স্বাক্ষৰ কৰি প্ৰকৃতিগতভাৱে বোৱতী পানী নিষ্কাশনৰ সুব‍্যৱস্থা নিশ্চিত কৰাৰ বাবে নলবাৰী জিলা উপায়ুক্তক যোৱা সাত মাৰ্চত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰকপত্ৰত উল্লেখ আছে বিভিন্ন সমস্যাৰ লগতে মেডিকেল কলেজখনৰ  সম্মুখৰ দলঙৰ দক্ষিণ ফালে প্ৰায় এশ মিটাৰ দুৰত্বত পূূৰ্বতে অৱস্থিত দলংখন বৃহৎ অঞ্চলটোৰ বোৱতী পানী নিষ্কাশন কৰিব পৰাকৈ পুনৰ নিৰ্মাণ কৰক,পশ্চিম অঞ্চলৰ পানী সুগমভাৱে নিষ্কাশিত হ'ব পৰাকৈ পুৰ্বৰ নলাটোৰ গতিপথ পৰিবৰ্তন কৰি এটি নলা নিৰ্মাণ কৰক আৰু নলাটো দলংৰ লগত সংলগ্ন কৰক আদি।ইফালে,স্থানীয় যুৱনেতা চন্দন শৰ্মাই কয় যে এই সকলো ক্ৰটীপূৰ্ণ কামৰ তদন্ত কৰি    শীঘ্ৰে প্ৰাকৃতিক পানী নিষ্কাশনৰ সু-ব‍্যৱস্থা গ্ৰহণত  নলবাৰী  জিলা  উপায়ুক্তগৰাকীয়ে যদিহে  ইতিবাচক সঁহাৰি নিদিয়ে তেতিয়া হ'লে ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বুলিও ভাবুকি প্ৰদান কৰিছে।উল্লেখ‍্য‍,সংশ্লিষ্ট 
স্মাৰকপত্ৰৰ প্ৰতিলিপি স্বাস্থ্য আৰু পৰিয়াল কল‍্যাণ গড়কাপ্তানি মন্ত্ৰী,মঙলদৈৰ সাংসদ,নলবাৰীৰ বিধায়ক,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া,নলবাৰী গড়কাপ্তানি বিভাগ গৃহ আৰু পথ সংমন্ডলৰ কাৰ্যাবাহী অভিযন্তাক প্ৰদান কৰিছিল যদিও কোনো ধৰণৰ সুফল পোৱা নাই।উল্লেখ‍্য‍্য যে যোৱা বৰ্ষতো  উক্ত সমস্যাক লৈ সংশ্লিষ্ট প্ৰশাসন,গড়কাপ্তানি বিভাগৰ লগতে মন্ত্ৰী -বিধায়কক ৰাইজে আবেদন কৰিছিল।কিন্তু দুখৰ বিষয় যে বিভাগী মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উক্ত সমস্যাটো শীঘ্ৰে দুৰ কৰাৰ বাবে প্ৰশাসন,গড়কাপ্তানি বিভাগক চোকা নিৰ্দেশ দিছিল যদিও আজি পৰ্য্যন্ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ প্ৰাকৃতিক পানী নিষ্কাশনৰ কাম সম্পূৰ্ণ নহ'ল।আনহাতে,একাংশ ব‍্যক্তিয়ে প্ৰাকৃতিকভাৱে পানী নিষ্কাশন হোৱা কালভাৰ্টাৰ দুৱাৰমুখত মাটি দি বন্ধ কৰিও পানী ওলাই যোৱাত বাধাৰ  সৃষ্টি কৰি আহিছে যদিও ৰাইজৰ হেঁঁচাত গড়কাপ্তানি বিভাগে মুকলি কৰি দিবলৈ বাধ্য হয়।ইফালে,মেডিকেল কলেজখনলৈ অহা-যোৱা কৰা একমাত্ৰ ঘগ্ৰাপাৰ পৰা দামোদৰ ধাম হৈ বিজুলীঘাট সংযোগী পথ নিৰ্মাণতো গৌতম কনষ্ট্ৰাকছনে বিভিন্ন দুৰ্নীতিৰ আশ্ৰয় লৈছে বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।

 

Your Comments