"মুষ্টিমেয় পুঁজিপতিৰ স্বাৰ্থত জীৱকুল ধ্বংস কৰি এতিয়া মানুহ ধ্বংস কৰিবলৈ বিচাৰিছে"-সাংসদ অজিত কুমাৰ ভূঞা

Asom Nagarik Samaj

"তিনিচুকীয়াৰ বাঘজানৰ ঘটনাৰ ন্যায়িক পৰ্যায়ৰ তদন্তৰ হ'ব লাগে।সমগ্ৰ ঘটনাৰ বাবে মূলত: দায়ী অইল ইণ্ডিয়া লিমিটেড আৰু 'জন এনাৰ্জী'ক বিচাৰৰ কাঠগৰাত থিয় কৰাব লাগে।লগতে অসম আৰু ভাৰত চৰকাৰকো তদন্তৰ আওতাত আনিব লাগে"-এই দাবী অসম নাগৰিক সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।নীতি-নিয়ম নমনাকৈ অইল ইণ্ডিয়াই যে মইমতালি চলাইছে,সেই কথা উদঙাই দিলে বাঘজানৰ ঘটনাই।ৰাজ্যৰ সচেতন জনতা আৰু প্ৰকৃতিপ্ৰেমীসকলে দীর্ঘদিন ধৰি কৰি অহা আন্দোলন কিমান যুক্তিপূৰ্ণ,সেই কথা প্ৰতিফলিত হৈছে৷গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলত এনেদৰে কয় সাংসদ ভূঞাই ৷ 

উল্লেখ যে উক্ত অঞ্চলত ২০১৩ চনতে নেচনেল বোৰ্ড অব ৱাইল্ড লাইফৰ দুজনীয়া বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনত খনন নকৰাৰ পৰামৰ্শ দিছিল।কিন্তু সেই পৰামৰ্শ অইল ইণ্ডিয়া লিমিটেডে উলংঘা কৰি কিদৰে খনন কাৰ্য চলালে,তাৰো উচিত তদন্তৰ দাবী জনাই          সাংসদ ভূঞাই।উল্লেখযোগ্য যে ২০১৩ চনৰ বিশেষজ্ঞ বোৰ্ডৰ দুই সদস্য আছিল প্ৰেৰণা বিন্দ্ৰা আৰু ডঃমধুসূদন। 

তেল খাদটোৰ দায়িত্বত থকা গুজৰাটৰ 'জন এনাৰ্জী'ৰ কাম-কাজৰ গাফিলতিৰ পূৰ্ণপৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে বাঘজানৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উচিত পৰিমাণৰ ক্ষতিপূৰণ শীঘ্ৰে অইল ইণ্ডিযা লিমিটেড,জন এনাৰ্জী,অসম চৰকাৰ আৰু ভাৰত চৰকাৰে প্ৰদান কৰিব লাগে বুলি দাবী কৰে নাগৰিক সমাজে।

ইফালে,গুৰুত্বপূৰ্ণ কথা যে ঘটনাৰাজিক লৈ  অইল ইণ্ডিয়াৰ থলুৱা বিষয়াসকলো এতিয়া অসহায়।কি কাৰণত দুগৰাকীকৈ কৰ্মচাৰীৰ মৃত্যু হ'ব লগা হ'ল সেয়াও চাবলগীয়া বিষয়।।  একাংশ মুুষ্টিমেয় পুঁজিপতিৰ স্বাৰ্থত জীৱকুল  ধ্বংস কৰাৰ পিছত এতিয়া মানুহ ধ্বংস কৰিবলৈ বিচাৰিছে উল্লেখ কৰি ভূঞাই কয় জুই নিয়ন্ত্ৰণলৈ আনিবলৈ পদক্ষেপ হল'ব লাগে।প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড,বন বিভাগৰ দায়িত্বৰ তদন্ত কৰিব লাগে।কাৰণ,এই দুয়োটা ৰাজ্য চৰকাৰৰ বিভাগেই কিদৰে অইল ইণ্ডিয়াক উক্ত অঞ্চলত তেল খাদ স্থাপনৰ অনুমতি দিছিল।

আনহাতে,সংবাদমেলত উপস্থিত থাকি অধিবক্তা শান্তনু বৰঠাকুৰে জানিবলৈ দিয়ে যে সমগ্ৰ ঘটনাৰাজিৰ ন্যায় বিচাৰি বুধবাৰে উচ্চ ন্যায়লয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।এই ঘটনাৰ পৰাই ৰাইজ ঐক্যবদ্ধ হ'ব লাগে।ভবিষ্যতৰ দিনত ডিব্ৰু-  ছৈখোৱা,দিহিং পাটকাই আদিৰ দৰে বনাঞ্চলসমূহ যাতে অইল ইণ্ডিয়া,অ'এনজিছি, ক'ল ইণ্ডিয়াই যাতে কৰিবলৈ নোৱাৰে কোনো প্ৰকৃতি ধ্বংসকাৰী খনন কাৰ্য।ইতিমধ্যে বাঘজানৰ ঘটনাই ডিব্ৰু ,-ছৈখোৱাৰ দুস্প্ৰাপ্য প্ৰাণীলৈ নমাই আনিছে অশনি সংকেত।

Your Comments