অইল ইণ্ডিয়া লিমিটেড,অসম আৰু ভাৰত চৰকাৰৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে বাঘজানত ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে।অইল ইণ্ডিয়াৰ হাতত প্ৰাথমিক সুৰক্ষাৰো বিশেষজ্ঞ দল নাই।বিগত ১৩ দিন ধৰি তেল-বিষাক্ত গেছ নিৰ্গত হৈ থকা খাদটো নিয়ন্ত্ৰণ কৰাত চূড়ান্ত হেমাহি কৰিলে"-এই বিস্ফোৰক অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ।২০০৫ চনৰ ডিকম ঘটনাৰ পৰা অইল ইণ্ডিয়াই কোনো ধৰণৰ শিক্ষা নল'লে বুলিও তেওঁ লগতে কয়।
বিগত ১৩দিন হৈ গ'ল,ৰাজ্য চৰকাৰে কোনো তৎপৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।কেৱল মাত্ৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ টেলিফোন বার্তালাপ কৰিয়ে দায়িত্ব সামৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুলি উল্লেখ কৰি গগৈয়ে কয়- "তেওঁলোকৰ দায়িত্ব আছিল বাহিৰৰ পৰা বিশেষজ্ঞ অনাৰ।বিশেষকৈ আমেৰিকা আৰু ছিংগাপুৰৰ তিনিটা বিশেষজ্ঞ দল আনিব লাগিছিল।ক'ৰ'নাৰ দোহাই দি তেওঁলোকে সেয়া নকৰিলে।"
অসমৰ জনতাৰ ভৱিষ্যত জড়িত হৈ থকা বিষয়।যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীয়ে চাৰ্টাড প্লেনত অহা-যোৱা কৰি ৰাইজৰ ধনৰ শৰাধ কৰে,সেই সময়ত এজন ক'ৰনা ৰোগীক ৰিলিজ দিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই,হেল্পিকপ্টাৰ লৈ ঘূৰি ফুৰা মানুহে,কিয় এতিয়া বাহিৰৰ পৰা বিশেষজ্ঞ আনিবলৈ নোৱাৰিলে!"
"তেওঁলোকৰ গাফিলতিৰ বাবে জ্বলি শেষ হৈছে মানুহৰ ঘৰ-বাৰী,ভঁৰাল,
চাহ বাগান,জীৱ-জন্তু।ডিব্ৰু ছৈখোৱা বনাঞ্চল ভস্মীভূত হৈছে।দুজন মানুহৰ মৃত্যু হৈছে।কেৱল সম্পদৰ ওপৰত চকু দিলেই নহ'ব।সম্পদ আহৰণ কৰিবলৈ যাওঁতে হোৱা দুৰ্যোগ নিয়ন্ত্ৰণ কৰাতো দায়িত্ব"-আছু নেতাগৰাকীয়ে কয়।
"মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বায়ুসেনাৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব।কিন্তু এতিয়াও কিয় আনিব পৰা নাই বায়ুসেনা"-লুৰিনজ্যোতি গগৈৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ।অইল ইণ্ডিয়াই কাৰিকৰীভাৱে অদক্ষ কোম্পানী 'জন এনাৰ্জী'ক তেলখাদটোৰ দায়িত্ব আছিল।
আনহাতে,ক্ষতিগ্রস্ত প্ৰতিজন ব্যক্তিক চৰকাৰ আৰু অইল ইণ্ডিয়াই উপযুক্ত ক্ষতিপূৰণ দিব লাগে বুলি গগৈয়ে দাবী জনায়।মৃত্যু হোৱা কৰ্মচাৰী দুজনৰ পৰিয়ালকো তৎকালীনভাৱে ক্ষতিপূৰণ দিয়াৰো দাবী জনায় গগৈয়ে।লগতে জনবসতিপূৰ্ণ অঞ্চলত অইলৰ খনন যাতে বন্ধ কৰে,তাৰো দাবী উত্থাপন কৰে।
- Log in to post comments
- 14 views