"জনগণবিৰোধী কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০"-সাংসদ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan

"নাগৰিকত্ব সংশোধনী আইন-২০১৯ গৃহীত কৰা কেন্দ্ৰীয় চৰকাৰে পুনৰ জনতাৰ ওপৰত মাধমাৰ সোধাই প্ৰচলিত বিদ্যুৎ আইন-২০০৩ সংশোধন কৰিবলৈ সাজু হৈছে।প্ৰস্তাৱিত বিদ্যুৎ আইন সংশোধনী বিধেয়ক-২০২০ যদি সংসদত গৃহীত হৈ আইনত পৰিণত হয়,তেন্তে সৰ্বসাধাৰণ ৰাইজে ঢুকি নোপোৱা দুৰ্লভ সেৱাত পৰিণত হ'ব বিদ্যুৎ"-এই বিস্ফোৰক মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।বৰ্তমান প্ৰচলিত আইনখনৰ সংশোধন ঘটাই ৰাজহুৱা খণ্ডৰ বিদ্যুৎ সেৱাৰ চৰিত্ৰৰ প্ৰতি চৰকাৰখনে তীব্ৰ ভাবুকি আনিবলৈ বিচাৰিছে বুলি তেওঁ লগতে কয়। 

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয়-"প্ৰস্তাৱিত সংশোধনী গৃহীত হ'লে শক্তিখণ্ডটোত ৰাজ্য চৰকাৰৰ কোনো  কৰ্তৃত্ব নাথাকিব।যিটো নেকি সংবিধান বিৰোধী।"

"বৰ্তমান বিদ্যুৎ মাচুলৰ সাৰ্বজনীন ৰাজসাহায্য ব্যৱস্থাৰ বিলুপ্তি ঘটাব।বিদ্যুৎ মাচুল অত্যধিক হাৰত বৃদ্ধি পাব,যি নেকি সাধাৰণ গ্ৰাহকক জীয়াতু ভোগাব।আইনৰ দ্বাৰা ব্যক্তিগত খণ্ডৰ হাতলৈ যাব বিদ্যুৎ বিভাগ"- ভূঞাই লগতে কয়।

ইফালে,প্ৰস্তাৱিত সংশোধনী মতে বিদ্যুৎ বিতৰণৰ দৰে গুৰুত্বপূৰ্ণ সেৱাত জড়িত কৰিব খোজা ফ্রেঞ্ছাইজীৰ বাবে প্ৰয়োজন নহ'ব কোনো অনুজ্ঞাপত্ৰ।

ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ সদস্য কোন,সেয়াও নিৰ্ধাৰণ কৰিব প্ৰস্তাৱিত কেন্দ্ৰীয় নিৰ্বাচক সমিতিয়ে।অৰ্থাৎ বিদ্যুৎ মাচুল নিয়ন্ত্ৰণ কৰাৰ কৰ্তৃত্ব থাকিব দিল্লীৰ হাতত।সাংসদগৰাকীয়ে লগতে কয়।

বিদ্যুৎ আইন সংশোধনীৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব কৃষিখণ্ড বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়-"এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্যই প্ৰতিবাদ কৰিছে।বিৰোধী শক্তিসমূহে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী সংশোধনক প্ৰতিহত কৰাৰ বাবে।"

Your Comments