দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁঁচনিৰ জৰিয়তে প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ লগতে এই ক্ষেত্ৰত হোৱা ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ আকৌ কৃষকৰ বীজ বিতৰণৰ নামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যলয়ত কৃষি বীজ বিতৰণৰ ক্ষেত্ৰত দীৰ্ঘদিনে হৈ অহা ব্যাপক খেলি-মেলিৰ অভিযোগ সন্দৰ্ভত মঙলবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদৰ নেতৃত্বত বৰাজোল, ঘগ্ৰাপাৰ, আল্লিয়া,পশ্চিম বনভাগ আৰু বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল এটাই কাৰ্যালয় ঘেৰাও কৰে।আছুৰ দলটোৱে সাম্প্ৰতিক সময়ৰ সুযোগ লৈ বিষয়া-কৰ্মচাৰীসকলৰ অনিয়মীয়া উপস্থিতি, নিস্ক্ৰিয়তা আদি বিভিন্ন বিসংগতি দেখি কৃষি উন্নয়ন বিষয়াৰ কাৰ্যলয়টো ঘেৰাও কৰি ক্ষোভ উজাৰে।এডিঅ' নিহাৰ ৰঞ্জন ভাগৱতীৰ নিৰ্লিপ্ততাৰ বাবেই গ্ৰামসেৱকসকলে কৃষি প্ৰধান এলেকা পৰিদৰ্শন নকৰাকৈ কেৱল শাসকীয় দলৰ নেতাৰে বুজাবুজি কৰি মুষ্টিমেয় কেইগৰাকীমান কৃষকৰ মাজত নামমাত্ৰ কৃষি বীজ,সাৰ বিতৰণ কৰি সৰহসংখ্যক প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আছুৰ সঁজাতি দলটোৱে।ছাত্ৰ নেতা ৰিয়াজুদ্দিন আহমেদে চৰাকাৰৰ কৃষি-বিভাগক কঠোৰ সমালোচনা কৰি কয় যে কৃষি অৰ্থনীতিৰে ৰাজ্যৰ অৰ্থনীতিক সুস্থিৰ কৰাৰ বিজ্ঞাপন দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কৃষি বিভাগৰ এনে বাস্তৱ প্ৰতিচ্ছবি অতি লজ্জাজনক।কৃষকৰ নামত অহা ধানৰ বীজ দলীয় নেতা-পালিনেতাই ঘৰলৈ নি প্ৰকৃত কৃষকৰ মাজত বিতৰণ কৰাৰ বিপৰীতে মিলত ভাঙি খোৱাৰ অভিযোগ খোদ কৃষকেই কৰাত ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে।সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়া চৰকাৰখনক বীজ,সাৰ দিয়া কৃষকৰ তালিকাৰ লগতে বিতৰণ কৰা সামগ্ৰীৰ পৰিমাণ ৰাজহুৱা কৰিবলৈ ছাত্ৰ নেতাজনে আহ্বান জনায়।উল্লেখ্য যে ছাত্ৰ সন্থাৰ সজাতি দলটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মিলন দাস,কাৰ্যনিৰ্বাহক সদস্য তথা ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি শৰ্মা,বিকি শৰ্মা,ৰঞ্জিত শৰ্মা,বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলাম আৰু আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস আদি উপস্থিত থাকে।
- Log in to post comments
- 7 views