নগাঁৱৰ জামুগুৰিত প্ৰথমটো 'কোভিড পজিটিভ'ৰ ঘটনা:আক্ৰান্ত মহিলা

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ জামুগুৰি গাঁৱত  হোম কোৱাৰেন্টাইনত থকা ৪৬ বছৰীয়া  
এগৰাকী মহিলাৰ দেহত কোভিড-১৯ ৰ উপস্থিতি   ধৰা পৰিছে ৷ অঞ্চলটোত এইটোৱেই প্ৰথমটো ক’ৰ’না পজিটিভ ঘটনা ৷ জানিব পৰা মতে স্থানীয় প্ৰভা দেৱী নামৰ মহিলাগৰাকী দিল্লীৰ এটি শ্ব’পিং মলত চিকিউৰিটি ছাৰভিচত  কৰ্মৰত  স্বামী চন্দ্ৰ নাথৰ সৈতে যোৱা ২২ মে’ত দিল্লীৰ পৰা ৰে'লেৰে ঘৰলৈ উভতি আহি ননৈ কলেজৰ কোভিদ কেয়াৰ চেন্টাৰত ১ জুনলৈ ফেচিলেটী কোৱাৰেন্টাইনত আছিল।তাত তেওঁলোকৰ স্বাৱ লোৱা হৈছিল ৷ ২ জুনত তেওঁলোক কোৱাৰেন্টাইন চেন্টাৰৰ পৰা আহি ঘৰত হোম কোৱাৰেন্টাইন হৈ থকাৰ পিছত মঙলবাৰে মহিলাগৰাকীৰ ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত তেওঁক পুৱাই ১০৮ বাহনৰে স্বাস্থ্য বিভাগৰ এটা দলে ঘৰৰ পৰা নি নগাঁও অসামৰিক চিকিৎসালয়ৰ কোভিদ চিকিৎসাকেন্দ্ৰত ভৰ্ত্তি কৰায়  ৷ আনহাতে স্বাস্থ্য বিভাগৰ এম পি উব্লিউ নাৰায়ণ কলিতা আৰু নৱজ্যোতি বৰদলৈ,স্থানীয় আশাকৰ্মী সমন্বিতে দুগৰাকী লেৱ টেকনিচিয়ান জিতু বৰা আৰু বিপুল কলিতা  ৰোগাক্ৰান্ত মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁৰ স্বামীকে ধৰি  পৰিয়ালটো আৰু  তেওঁলোকৰ  সংস্পপৰ্শলৈ অহা বুলি সন্দেহ হোৱা  লোকসকলৰ ছোৱাব সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে।স্বাস্থ্য বিভাগে স্থানীয় গাঁওবাসীৰ সহযোগত  মহিলাগৰকীৰ গৃহৰ সৈতে একেখন চোতালতে সংলগ্ন হৈ থকা একে পৰিয়ালৰ আন  তিনিটা ঘৰক সামৰি কনটেইনমেন্ট এলেকা বুলি ঘোষণা কৰিছে ৷

Your Comments