দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সোমবাৰে দুপৰীয়া ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ-কাৰ্য পৰ্যবেক্ষণ কৰে।প্ৰায় ৩৫ শতাংশ কাম আগবাঢ়িছে নিৰ্মিয়মান চিকিৎসা মহাবিদ্যালয়খনৰ।বিধায়কগৰাকীয়ে মেডিকেল কলেজ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰোঁতে সংগ দিয়ে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা আদিয়ে।তদুপৰি,কলেজখনৰ চৌহদৰ উত্তৰ আৰু দক্ষিণ ফালৰ বন্ধ পানীৰ সমস্যাটোত নলাৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই সম্পৰ্কত তাত উপস্থিত থকা গড়কাপ্তানি টেৰিটৰিয়েল ৰোড বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস আৰু এচডিঅ' অভিযন্তাৰ লগত আলোচনা কৰে।ইয়াৰ উপৰিও মেডিকেল কলেজ চৌহদৰ উত্তৰ দিশত পাইপ-কালভাৰ্ট ক্ৰচ ড্ৰেইনেজ পদ্ধতি আদি সম্পৰ্কতো নিৰীক্ষণ কৰে।এই সন্দৰ্ভত কিবা বিকল্প ব্যৱস্থা ল'ব পাৰি নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ বিধায়কগৰাকীয়ে কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে।তেওঁ স্থানীয় লোকৰ লগতো পানী জমা হোৱা বিষয়ত আলোচনা কৰিব বুলি নিশ্চয়তা প্ৰদান কৰে।বৰ্তমানে চলি থকা মেডিকেল কলেজ নিৰ্মাণৰ কামৰ সময়ত কোভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া সাৱধানতাৰ দিশটোও পৰ্য্যবেক্ষণ কৰে বিধায়কগৰাকীয়ে।ইফালে,৩৫০ গৰাকী শ্ৰমিক নলবাৰী মেডিকেল কলেজ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে আৰু কাম পূৰ্ণোদ্যমে চলি আছে।উল্লেখ্য যে যোৱা বৰ্ষৰ বাৰিষা মেডিকেল কলেজৰ চাৰিবেৰৰ বান্ধৰ বাবে অঞ্চলটোৰ কৃষিভূমি,স্থানীয় আৱাসীৰ বিস্তৰ ক্ষতিগ্ৰস্ত হৈছিল।এই সমস্যা সমাধানত নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে কি ব্যৱস্থা লয়,সেয়া লক্ষণীয় হ'ব।
- Log in to post comments
- 100 views