দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ আৰু যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ আহ্বানমৰ্মে বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি গৌতম কাকতি আৰু সাধাৰণ সম্পাদক কুলদ্বীপ কলিতাৰ নেতৃত্বত ঘগ্ৰাপাৰ হাইৱে চ'ককে ধৰি বিভিন্ন স্থানত সোমবাৰে প্ৰায়২০০ পথচাৰীৰ মাজত মাস্ক বিতৰণ কৰে। উক্ত কাৰ্যসূচীত সহযোগ কৰে ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,প্ৰাক্তন সভাপতি মৃদুল কলিতা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা আদিয়ে।ঘগ্ৰাপাৰত সোমবাৰে যুৱ মৰ্চাৰ দলটোৱে ক'ৰ'না প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়।
- Log in to post comments
- 29 views