মৃণাল ডেকা,শুৱালকুছি:
শুৱালকুছি খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডা° দীপক চন্দ্ৰ দাসৰ দেহত দুই জুনত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছৰে পৰা উক্ত হাস্পতালৰ লগতে মহাত্মা গান্ধী ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনো কণ্টেইনমেন্ট জ’ন কৰাৰ বাবে বন্ধ হৈ আছিল।হাস্পতালখনৰ চিকিৎসক,নাৰ্চ, স্বাস্থ্যকৰ্মী আদি প্ৰায় ডেৰ শতাধিকক কোৱাৰেণ্টীনত ৰাখি স্বাস্থ্য পৰীক্ষাৰ অন্তত ডা° দীপক চন্দ্ৰ দাসৰ বাদে বাকী সকলোৰে পৰীক্ষাৰ ফলাফল নিগেটিভ আহে ৷যাৰ বাবে সকলোকে পিছত ঘৰলৈ গৈ আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে।সম্প্ৰতি চিকিৎসকজনৰ বাদে আন কাৰো শৰীৰত ক'ৰ'নাৰ কোনো লক্ষণ দেখা নিদিয়াত স্বাভাৱিক অবস্থা ঘুৰি আহিছে।মহাত্মা গান্ধী ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ কাৰ্তিক চন্দ্ৰ মেধিয়ে জনোৱা অনুসৰি সোমবাৰৰ পৰা উক্ত হাস্পতালত ৰোগীৰ বাবে চিকিৎসা সেৱা পুনৰ চলিব।সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হাস্পতাল বন্ধ আছিল ৷ আনহাতে,ক'ভিড আক্ৰান্ত ডা° দীপক দাসৰ পৰিয়ালক কণ্টেনমেন জ’ন ঘোষণা কৰাৰ পিছৰে পৰাই প্ৰশাসনে কোনো খবৰ নোলোৱাৰ অভিযোগ ডা: দাসৰ ভাতৃ প্ৰাণজিৎ দাসৰ।বিগত দুই জুনৰ পৰা আজি পৰ্যন্ত ডা° দীপক দাসৰ ঘৰৰ সমীপৱৰ্তী বাৰটা পৰিয়ালৰ কোনো খবৰ নোলোৱাত ক্ষুন্ন হৈ পৰিছে গৃহবন্দী লোকসকল।এনেকি আৰক্ষী গাওঁবুঢ়া,চক্ৰ বিষয়া,জিলা উপায়ুক্তৰ ফালৰ পৰাও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ ভুক্তভোগীসকলৰ।স্বাস্থ্য বিভাগে মাথো নিয়মমাফিক পৰীক্ষাসমূহ কৰিয়ে দায়িত্ব সামৰিছে।খাদ্য সামগ্ৰী যোগান দূূৰৰে কথা,ৰোগীয়া লোকসকলৰ ঔষধ যোগানো ধৰা নাই।ইয়াৰ বাবে হীনমান্যতাত ভোগাৰ অভিযোগ প্ৰাণজিৎ দাসৰ।ভাৰাতীয়া লোকসকলক মানুহে ককৰ্থনা কৰাৰ লগতে তেওঁলোক ওলালেও মানুহে কুদৃষ্টি দিয়ে।জিলা দণ্ডাধীশৰ পৰা কণ্টেইনমেন্ট জ’নৰ ফলক আঁঁৰিয়ে দায়িত্ব সামৰাত খড়্গহস্ত হৈছে লোকসকল।প্ৰশাসন বা স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে গৃহবন্দী লোকসকলে।
- Log in to post comments
- 21 views