হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নৱদ্বীপ নলবাৰী:তৃতীয়,চতুৰ্থ,পঞ্চম,নৱম আৰু দশম স্থান দখল

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 


শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত
ছয়গৰাকী কৃতিমান ছাত্র-ছাত্ৰীয়ে শিক্ষাৰ নৱদ্বীপ নলবাৰীৰ নাম উজলালে।জিলাখনৰ বৰভাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জ্যোতিস্মান দেৱ শৰ্মাই তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে।তেওঁৰ পিতৃ শিক্ষক কুলেশ্বৰ শৰ্মা আৰু মাতৃ গৃহিণী।ছাত্রজনে ইংৰাজী বিষয়ৰ টিউচনৰ সহায়ৰে পঢ়া-শুনা কৰিছিল।ভৱিষ্যতে তেওঁৰ এগৰাকী চিকিৎসক হোৱাৰ সপোন।তেওঁ দৈনিক ৮ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি জনায়।চতুৰ্থ স্থান দখল কৰিলে নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ নমস্যা ডেকাই।তেওঁৰ পিতৃ এগৰাকী শিক্ষক।কোনো ধৰণৰ বিশেষভাৱে পঢ়াৰ সময় নাছিল ছাত্ৰীগৰাকীৰ,তেওঁ যেতিয়াই সময় পায়, তেতিয়াই অধ্যয়ন কৰিছিল।ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰীগৰাকীয়ে।পঞ্চম স্থানত উজলিল কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰকজ্যোতি বৈশ্য।মেধাৱী ছাত্ৰজনৰ পিতৃ এগৰাকী শিক্ষক আৰু মাতৃ অংগনবাদী কৰ্মী হিচাপে কৰ্মৰত।ছাত্রগৰাকীয়ে দৈনিক ৮ /১০ ঘন্টাকৈ অধ্যয়ন কৰিছিল।

Pic

শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ ছাত্ৰ ক্ৰমে মাচুম মেহতাব আৰু ইমন বৈশ্যই  ৫৮৫ নম্বৰৰে নৱম স্থান দখল কৰিলে।ছাত্ৰ দুজনৰ সফলতাত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ পৰা ১০ ম স্থান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে শশাংক হালৈয়ে।স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া অধিকাংশ বিদ্যালয়েই নলবাৰীৰ ব্যক্তিগত খণ্ডৰ।প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন দল- সংগঠনে শুভেচ্ছা জনাইছে। 

 

Your Comments