নগাঁৱৰ বঢ়মপুৰৰ বামুণীত বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজৰ হাহাকাৰ

Barhampur

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

দদনগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ বামুণীত এটা পানী যোগান আঁচনি কাম সম্পূৰ্ণ হোৱাৰ পিছতো দীৰ্ঘদিনে মুকলি নোহোৱাকৈ থকাত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনষ্ঠ এই পানী যোগান আঁচনিটোৰ কাম প্ৰায় এবছৰৰ পূৰ্বেই সম্পূৰ্ণ হৈছিল যদিও  বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু সদিচ্ছাৰ অভাৱত আজিলৈকে এই আচঁনিখনৰ পানী যোগানৰ কাম আৰম্ভ নহ'ল।যাৰ বাবে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে।আনহাতে,এই আচঁনিখনৰ যন্ত্ৰপাতি দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত থকাত ঘন লতা -জংঘলে আবৰি ধৰিছে।লগতে গৰু-ছাগলীৰ বিচৰণস্থলীলৈ পৰ্যবসিত হৈছে।বৃহত্তৰ অঞ্চলটোৰ বামুণী,বৰবাৰী,দলৈ গাওঁ,কাৰ্বি গাঁঁও,বেবেজীয়া,ধনতোলাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ উদ্দ্যেশ্যেৰে বহু লাখ টকা ব্যয় সাপেক্ষে এই আচঁনিটো স্থাপন কৰা  হৈছিল  যদিও বৰ্তমানেও আচঁনিটো মুকলি নোহোৱাত শিশুকে ধৰি অঞ্চলটোৰ ৰাইজে জান-জুৰি,খাল-বিলৰ পানী খাব লগীয়া হৈছে।লগতে ঘৰৰ অত্যাৱশ্যকীয় কামতো ব্যৱহাৰ কৰিব লগীয়া হৈছে।এই পানী সেৱন কৰি অঞ্চলটোত বহু লোকৰ শৰীৰত ইতিমধ্যে চৰ্মৰোগে দেখা দিয়াৰ লগতে পেটৰ বেমাৰ, দাঁতৰ বেমাৰ আদি নানা ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে।অঞ্চলটোত পানীত বিসাক্ত আৰ্ছেনিক আৰু ফ্ল'ৰাইড থকাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।অঞ্চলটোৰ ৰাইজে বিষয়টোত স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক হস্তক্ষেপ কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ  আহ্বান জনাইছে।লগতে অঞ্চলটোত পানীৰ পৰীক্ষা কৰিবলৈ নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনাইছে।

Your Comments