শীৰ্ষ দহটা স্থানত জিলিকিল নলবাৰী জিলাৰ সৰ্বাধিক ৬মেধাৱী ছাত্র-ছাত্ৰী

Hslc

নিউজ ডেস্ক:.

ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ দহটা স্থানত সৰ্বাধিক ছয় গৰাকী মেধাৱীয়ে উজ্বলালে নলবাৰী জিলাক।

শীর্ষ তৃতীয় স্থানত উজ্বলিল জিলাখনৰ জ্যোতিষ্মান দেৱ শৰ্মা।শংকৰদেৱ শিশু বিদ্যা নিকেটন, বৰভাগৰ ছাত্ৰ জ্যোতিষ্মানে লাভ কৰিছে মুঠ ৫৯১ নম্বৰ।

চতুৰ্থ স্থান লাভ কৰিছে নমস্যা ডেকাই। তেওঁ লিটল ফ্লাৱাৰ স্কুল নলবাৰীৰ ছাত্ৰী। তেওঁ লাভ কৰিছে মুঠ ৫৯০ নম্বৰ।

পঞ্চম স্থান লাভ কৰিছে হীৰকজ্যোতি বৈশ্যই।কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ  হীৰকজ্যোতি।তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৯।


নৱম স্থান দখল কৰিছে জিলাখনৰ দুজনকৈ মেধাৱীয়ে।শংকৰদেৱ।শিশু নিকেটন,বাঁহৰঘাটৰ মাসুম মেহতাব আৰু একেখন বিদ্যালয়ৰে ইমান বৈশ্যই। তেওঁলোকে একাদিক্ৰমে লাভ কৰিছে মুঠ ৫৮৫ আৰু  ৫৮৫ নম্বৰ।

দশম স্থান দখল কৰিছে জিলাখনৰ আনন্দ বিদ্যা নিকেটনৰ ছাত্ৰ শশাংক হালৈয়ে।তেওঁ লাভ কৰিছে মুঠ ৫৮৪ নম্বৰ।

Your Comments