শীর্ষ দহত থাকি পাঁচ মেধাৱীয়ে উজ্জ্বলালে বানেগৰকা লখিমপুৰক

Lakhim

নিউজ ডেস্ক :
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ দহটা স্থান দখলেৰে লখিমপুৰত উজ্বলিল পাঁচজনকৈ মেধাৱী ছাত্র-ছাত্ৰী।বানে গৰকা জিলাখনত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজ্বলিল গুৰুজ্যোতি একাডেমীৰ নাৰায়ণপুৰৰ দেৱিষ্মা প্রিয়া বৰা।ছাত্ৰী গৰাকীয়ে লাভ কৰে মুঠ  ৫৯১ নম্বৰ। লাভ কৰা নম্বৰ সমূহ একাদিক্ৰমে অসমীয়া ৯৭,ইংৰাজী ৯৭,সাধাৰণ গণিত ১০০,সাধাৰণ বিজ্ঞান ১০০,সমাজ বিজ্ঞান ৯৭ আৰু ঐচ্ছিক গণিত ১০০।

আনহাতে ষষ্ঠ স্থানত উজলি উঠে একেখন বিদ্যালয়ৰে ৰনোজজ্যোতি বৰুৱা।তেওঁ লাভ কৰে মুঠ ৫৮৮ নম্বৰ। ছাত্ৰ গৰাকীয়ে অসমীয়াত ৯৭, ইংৰাজীত ৯৮,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৬ আৰু ঐচ্ছিক গণিতত লাভ কৰে ১০০ নম্বৰ।

ইফালে সপ্তম স্থান লাভকৰে জিলাখনৰ নৰ্থ লখিমপুৰ চেণ্ট মেৰিজ হাইস্কুলৰ অভিলাশা দত্তই।তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৭।

অষ্টম স্থান লাভ কৰিছে জিলাখনৰ ব্ৰুক ফিল্ড স্কুলৰ চিমৰণ বৰাই। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৬।

দশম স্থান লাভ কৰিছে জিলাখনৰ নৰ্থ লখিমপুৰ চেণ্ট মেৰিজ হাইস্কুলৰ দীৱাইজ বিকাশে। তএওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৪। ছাত্ৰ গৰাকীয়ে অসমীয়াত ৯০, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত৯৯,সমাজ বিজ্ঞানত ৯৮, ঐচ্ছিক গণিতত ১০০ নম্বৰলাভ কৰে।

উল্লেখ যে জিলাখনত সৰ্বাধিক উত্তীণ হাৰ হৈছে ৭৪.২৫%।

Your Comments