বঙাইগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন:আছু-বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনৰ গছপুলি ৰোপন  

Pic

বঙাইগাঁৱৰ  প্ৰতিবেদক:

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বৰপাৰাস্থিত ছহিদ বেদী চৌহদত গছপুলি ৰোপন কৰা হয় ৷এই গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনটোৰ উত্তম কুমাৰ দাসে ৷ গছ পুলি ৰোপন কাৰ্যসূচীত আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায়,সাধাৰণ সম্পাদক জগদ্বীশ ৰায়ৰ লগতে আছু কৰ্মী আৰু বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকল উপস্থিত থাকি গছ পুলি ৰোপন কৰে।ইফালে,গছ পুলি ৰোপন কৰি বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনটোৰ উত্তম কুমাৰ দাসে কয় যে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত চাৰিওফালে বহু গছপুলি ৰোপন কৰা হয়।কিন্তু কথা হ'ল কেৱল গছপুলি ৰোপন কৰিলেই কাম নহ'ব,গছ পুলিবোৰৰ অন্তত তিনি বছৰ যত্ন ল'ব লাগিব৷ তেতিয়াহে গছপুলিবোৰ জীয়াই থাকিব আৰু পৰিৱেশ সুস্থিৰ কৰি ৰাখিব।সেইদৰে আঞ্চলিক আছুুৰ সভাপতি কলজিৎ ৰায়ে কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব লাগিলে গছ-গছনি থাকিবই লাগিব।সেয়ে সকলোৱে গছপুলি ৰোপন কৰি আমাৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ সেউজীয়া কৰি ৰখাৰ লগতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব।তেতিয়াহে আমি সুস্থ থাকিম ৷ সভাপতিগৰাকীয়ে সকলোকে গছপুলি ৰোপন কৰিবলৈও আহ্বান জনায় ৷ 


 

Your Comments