'গ্ৰীণ গুৱাহাটী'ৰ লক্ষ্যৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিশ্ব পৰিৱেশ দিৱস পালন

Aasu

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিশ্ব পৰিৱেশ দিৱস পালন।চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত  সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৰোপন কৰা হয় গছৰ পুলি।বৃক্ষৰোপন কাৰ্যসূচীত উপস্থিত থাকে 'আছু'ৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য তপন কলিতা,সীমান্ত ঠাকুৰীয়াকে ধৰি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।

সামাজিক দূৰত্ব মানি পালন কৰা বৃক্ষৰোপন কাৰ্যসূচীত আছু সদস্যসকলে হাতে-হাতে প্লে- কাৰ্ড লৈ প্ৰকৃতি সুৰক্ষাৰ বিভিন্ন বাণী ৰাইজলৈ প্ৰেৰণ কৰে।

Aasu

কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাসক সদস্য সীমান্ত ঠাকুৰীয়াই কয়-" "সমগ্ৰ গুৱাহাটীত বৃক্ষৰোপনৰ লক্ষ্য লৈছে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই।'গ্ৰীণ গুৱাহাটী'ৰ পৰিকল্পনা কৰা হৈছে।"

ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ত ফল-মূলৰ গছপুলি ৰোপন কৰাৰ চিন্তা কৰা বুলি জানিবলৈ দিয়ে ঠাকুৰীয়াই।লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজ নিজ ঘৰত একোটাকৈ গছপুলি ৰোপন কৰাৰো আহ্বান জনায়।

Your Comments