মৃণাল ডেকা,শুৱালকুছি:
শুৱালকুছি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা° দীপক চন্দ্ৰ দাসৰ ২ জুুনত ক'ৰ'না পজিটিভ ধৰা পৰাৰ পিছৰে পৰা সমগ্ৰ বস্ত্ৰনগৰীত আতংকই বিৰাজ কৰিছে।আক্ৰান্ত চিকিৎসকগৰাকীয়ে শিঙিমাৰী ক'ভিড হাস্পতালত দায়িত্ব পালন কৰাৰ লগতে সমান্তৰালভাৱে শুৱালকুছিৰ চিকিৎসালয় আৰু তেওঁৰে নিজৰ ফাৰ্মাছীত কিমান ৰোগীক চিকিৎসা নাইবা সংস্পৰ্শত আহিছিল ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো বিয়াগোম স্বাস্থ্য বিভাগে উলিয়াব পৰা নাই ৷ স্বয়ং ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতে স্বাস্থ্য বিভাগৰ গাফিলতি দেখি ৰাইজ বিবুধিত পৰিছে।ইতিমধ্যে চিকিৎসক দীপক চন্দ্ৰ দাসৰ চিকিৎসা গ্ৰহণ কৰা আৰু সংস্পৰ্শত অহা বহু লোক নিজস্বভাৱে সাৱধানতা অবলম্বন কৰি ঘৰতে আছুতীয়াকৈ আছে।অনেকে আকৌ পৰীক্ষাৰ বাবে ১০৪ নম্বৰত ফোন কৰিও কোনো সঁহাৰি পোৱাৰ অভিযোগ কৰিছে।তাৰ মাজতে বুধবাৰে প্ৰায় দিনৰ এঘাৰ বজাত আৰক্ষী আৰু প্ৰশাসনে ডাক্তৰ গৰাকীৰ ফাৰ্মাছীখন ছীল কৰাৰ লগতে শুৱালকুছি হাস্পতাল আৰু ডা°দীপক চন্দ্ৰ দাসৰ ঘৰৰ চৌহদত কণ্টেইনমেন্ট জোনৰ ফলক লগায় ৷ হাস্পতালত কোনো লোক ওলোৱা-সোমোৱা বন্ধ কৰি দিয়াৰ লগতে ডা°দাসৰ ঘৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধ নিষিদ্ধ এলেকা ঘোষণা কৰে ৷ শুৱালকুছিৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত শুৱালকুছিত বাহাৰ পাতি থকা হাজো ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসে জানিবলৈ দিয়া অনুসৰি ডাঃ দাসক চিকিৎসাৰ বাবে নিয়াৰ পিছতে শুৱালকুছি হাস্পতালৰ সকলোকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে।এনেকি কামৰূপৰ যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি শুৱালকুছি এফআৰইউৰ স্বাস্থ্য বিষয়া ডা°কাৰ্তিক চন্দ্ৰ মেধি,ডা°যোগেশ কলিতা,ডা° শ্যামন্ত কলিতাক উত্তৰ গুৱাহাটীৰ আইআইটি কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে ৷পুৰুষ স্বাস্থ্যকৰ্মীসকলৰ লগতে নাৰ্চসকলক শুৱালকুছি হাস্পতালতে কোৱাৰেন্টাইন কৰাৰ উপৰি মহিলা স্বাস্থ্যকৰ্মী ১৭ গৰাকীক আজাৰৰ পায়'নিয়াৰ নামৰ হোটেলত কোৱাৰেন্টাইন কৰা হৈছে।সাংবাদিকসকলক দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পৰিস্থিতিৰ গতিবিধি অনুসৰি শুৱালকুছিত গণসংক্ৰমণৰ আশঙ্কা নুই কৰিব নোৱাৰি। চিকিৎসক গৰাকীৰ সংস্পৰ্শত অহা সদাশয় সকলোকে স্বইচ্ছাই স্বাস্থ্য বিভাগৰ লগত নাইবা আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰি নমুনা দি সম্ভাব্য গণ সংক্ৰমণ ৰোধ কৰাৰ আহ্বান জনায়।অন্যথা গণ সংক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰাটো প্ৰত্যাহ্বান হৈ পৰিব বুলিও সংবাদ মাধ্যমক অৱগত কৰে।অৱশ্যে কোনো লোকে ক'ৰ'না পৰীক্ষাৰ বাবে জিলা প্ৰশাসন বা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়তো যাব পাৰিব ৷
- Log in to post comments
- 65 views