বঙাইগাঁঁৱত ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে  ছেনিটাইজেশ্যন অভিযান:মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উদ্বোধন কৰিলে বাহন 

Bongaigaon

বঙাইগাঁঁৱৰ প্ৰতিবেদক:

সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা  ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ প্ৰতিৰোধী পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে অসমৰ গ্ৰামাঞ্চলসমূহ বীজাণুমুক্ত কৰিবলৈ এটা কাৰ্যপন্থা অৱলম্বন কৰিছে।এই উদ্দেশ্যেৰে বঙাইগাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আৰু বঙাইগাওঁ জিলা প্ৰশাসনৰ 'মিলি-জুলি' প্ৰকল্পৰ অংশ হিচাপে এখন ছেনিটাইজেশ্যন বাহন প্ৰস্তুত কৰি উলিওৱা হৈছে।উক্ত বাহনখন মঙলবাৰে চিলাৰায় ইন্দোৰ ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত এটা অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু পতাকা জোকাৰি অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু বঙাইগাওঁ জিলাৰ উপায়ুক্ত ডাঃ এমএছ লক্ষ্মীপ্ৰিয়াই শুভ উদ্বোধন কৰে।এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰিণ্টু বড়ো আৰু পংকজ চমুৱা,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীলমাধৱ দাস,এনএইচএমৰ জিলা প্ৰকল্প প্ৰৱন্ধক,অগ্নি আৰু জৰুৰীকালীন সেৱাৰ কেন্দ্ৰ প্ৰৱন্ধক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধৰে আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী চৌধুৰীয়ে কয় যে ইয়াৰ জৰিয়তে ক'ৰ'না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ আমাৰ অঞ্চলবোৰ ছেনিটাইজ্যেশন কৰাত সফল হ'ম।তেওঁ লগতে ক'ৰ'না ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ৰাইজক প্ৰশাসনৰ লগত সহযোগ কৰি হাতত হাত মিলাই মিলিজুলি যুঁজি ইয়াক প্ৰতিহিত কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী,স্বচ্ছাগ্ৰহী আৰু ছেনিটাইজেশ্যন কৰ্মীবৃন্দই    অনুষ্ঠিত কৰে।উল্লেখ্য যে এই  পদক্ষেপৰ জৰিয়তে 'সাৱধানতাই যে একমাত্ৰ সুৰক্ষা' এই সজাগতা ৰাইজৰ মাজত লৈ যোৱাৰ উদ্দেশ্যেৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছাগ্ৰহীসকলৰ দ্বাৰা সজাগতা সৃষ্টিৰ চেষ্টা কৰা হৈছে।তদুপৰি,ইয়াৰ দ্বাৰা গ্ৰামাঞ্চলৰ দোকান,স্কুল,কলেজ,পঞ্চায়ত অফিচ,ব্ল'ক অফিচ চৌহদ,হাস্পতাল,অংগনবাদী কেন্দ্ৰ, বজাৰ,কোৱাৰেণ্টাইন চেন্টাৰ আদি বীজাণু বিয়পিব পৰা ঠাইসমূহ বীজাণুমুক্ত কৰা হ'ব। অহা এমাহজুৰি সমগ্ৰ জিলাখনকে এই অভিযানত সামৰি লোৱা হ'ব।

Your Comments