নৰেন শৰ্মা,বাহাৰঘাট:
বিএছএনএলৰ অকৰ্মণ্যতা আৰু ডাক বিভাগৰ অমনোযোগীতাৰ বাবে প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া আঁঁচনি গ্ৰামাঞ্চলত ফুটুকাৰ ফেনত পৰিনত হৈছে৷উল্লেখযোগ্য যে নলবাৰী ডাক বিভাগৰ অধীক্ষকৰ অন্তৰ্গত সানেকুছি উপ-ডাকঘৰটো বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখৰ পৰা আজি পৰ্যন্ত ইণ্টাৰনেটৰ অভাৱত বিকল হৈ আছে৷তাৰে প্ৰতিবাদত আৰু শীঘ্ৰে ডাকঘৰটোৰ ইন্টাৰনেট সেৱা সুচল কৰাৰ দাবীত বুধবাৰে বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই দুঘন্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ছাত্ৰ সন্থাৰ সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত কেইবাগৰাকীও ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যই বিভিন্ন শ্লোগান দি ডাক বিভাগ আৰু বিএছএনএলক ধিক্কাৰ দিয়ে৷তেওঁলোকে চৰকাৰক দাবী জনাই কয় যে শীঘ্ৰে সানেকুছি উপ-ডাকঘৰৰ ইন্টাৰনেট সেৱা সুচল কৰি জনসাধাৰণৰ অসুবিধা দূূৰ কৰিব লাগে৷অন্যথা ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব৷ডাকঘৰটোৰ দায়িত্বত থকা কৰ্মচাৰীৰ পৰা জানিব পৰা গৈছে যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল৷গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত গৌতম কনষ্ট্ৰাকশ্বন নামৰ সংস্থাটোৱে পথ সম্প্ৰসাৰণ কাৰ্য্যত ব্যৱহৃত এস্কেভেটৰৰে পথৰ দুয়োকাষে গাঁঁত খান্দোতে বিএছএনএলৰ কেবলসমূহ সম্পূৰ্ণৰূপে বিচিন্ন হৈ যোৱাৰ ফলত ডাকঘৰটোৰ ইন্টাৰনেট সেৱা বিকল হৈ পৰে।সেই সময়ৰ পৰাই আজি পৰ্যন্ত ডাকঘৰটো ইন্টাৰনেটৰ অভাৱত বিকল হৈ আছে৷এইক্ষেত্ৰত সানেকুছি উপ-ডাকঘৰৰ দায়িত্বত থকা পোষ্টমাষ্টাৰগৰাকীয়ে বিভাগীয়ভাৱে অৱগত কৰিছিল যদিও কোনো ফল নধৰাত স্থানীয় ৰাইজেও অভিযোগ দিয়ে৷কিন্তু বিয়াগোম বিএছএনএল আৰু ভাৰত চৰকাৰৰ ডাক বিভাগে আজি পৰ্যন্ত কোনো কাৰ্য্যকৰী ব্যৱস্থা নোলোৱাত আছুৰ কৰ্মীসকলে ডাকঘৰটোৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷মন কৰিবলগীয়া যে মুঠ আঠটা শাখা ডাকঘৰ নিয়ন্ত্ৰণ কৰা উক্ত উপ ডাকঘৰটোৱে কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাৰ এটা বিশাল অঞ্চলৰ ৰাইজৰ সেৱা আগবঢ়াই আহিছে৷ডাক বেংকিং সেৱা,পিএলআই আৰু ডাক বিভাগৰ বিভিন্ন অভিলাষী আঁঁচনিৰ লগত উক্ত অঞ্চলৰ ৰাইজ ওত:প্ৰোতভাৱে জড়িত৷প্ৰতিদিনে ডাকঘৰটোলৈ বহুতো উপভোক্তাৰ আগমন হয়৷কিন্তু ইন্টাৰনেটৰ অভাৱত সামান্য জমা বহীখনো আপদেট কৰিব নোৱাৰি বিফল মনে ওভতিব লগা হয়৷পোষ্টমাষ্টৰে উপভোক্তাৰ জমাবহীসমূহ সংগ্ৰহ কৰি নলবাৰী প্ৰধান ডাকঘৰত আপদেট কৰি আনিব লাগে৷ এনেহেন ব্যস্ততাপূৰ্ণ ডাকঘৰটোৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷'আছু'ৰ লগতে ৰাইজে অনতিপলমে ডাকঘৰটোৰ ইন্টাৰনেট সেৱা সুচল কৰি তোলাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷
- Log in to post comments
- 15 views