নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁৱত দুবছৰীয়া কণমাণিৰ দেহত ধৰা পৰিল ক'ভিড-১৯ৰ সংক্ৰমণ।মহাৰাষ্ট্ৰৰ পৰা পিতৃ-মাতৃৰ সৈতে অসমলৈ অহা কণমাণি কন্যা শিশুটি চাপৰমুখৰ ফিচাৰী গেষ্ট হাউচ এণ্ড ফাৰ্মাৰ হোষ্টেলত কোৱাৰেণ্টেইনত আছিল।ইতিমধ্যে শিশুটিক মাতৃৰ সৈতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড-১৯ হাস্পতালত ভৰ্তি কৰা হৈছে।অৱশ্যে শিশুটিৰ পিতৃ-মাতৃৰ ক'ভিড-১৯ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে। চিকিৎসালয়খনৰ এটা সূত্ৰত জানিব পৰা মতে ক'ভিড-১৯ত আক্ৰান্ত হৈ নগাঁৱত চিকিৎসাধীন হৈ থকা শিশুটিৰ বৰ্তমান অৱস্থা সুস্থিৰ।
- Log in to post comments
- 16 views