গুঞ্জন দাস,জালাহ:
বাক্সা জিলাৰ শিমলা থানা আৰক্ষীয়ে বুধবাৰে দুটা গভাইত কম্পিউটাৰ চোৰক আটক কৰে।চোৰদুুটাক বুধবাৰে দুপৰীয়া জিলাৰ সদৰ মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰে।গোপন সূত্ৰৰ পম খেদি শিমলা থানাৰ আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত চলোৱা অভিযানত বাক্সা জিলাৰ শিলবাৰীৰ নিবাসী ভূপেন মেধিৰ পুত্র নিপন মেধি(১৮) আৰু জলেশ্বৰ দাসৰ পুত্র বিকাশ দাস(২০) নামৰ চোৰ দুুটা আটক হয়।আৰক্ষীয়ে সদৰি কৰা অনুসৰি এই চোৰ দুটাই অঞ্চলী হাইস্কুলৰ পৰা লকডাউনৰ সময়ত ধাৰাবাহিকভাৱে তিনিবাৰকৈ চুুৰি কৰিছিল।দুই চোৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে কম্পিউটাৰ চেটৰ মনিটৰ তিনিটা,চিপিইউ তিনিটা,ইউপিএছ তিনিটা, কি'বৰ্ড তিনিখন,মাউচ তিনিটা,কেইবাডাল কেব'ল,মাউচ পেড তিনিখনৰ লগতে এটা চিচিটিভি কেমেৰা।চোৰ দুটাক বুধবাৰে দুপৰীয়া মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে লকডাউনৰ সময়ত অঞ্চলী হাইস্কুলৰ পৰা প্ৰথমে দুটা চিচিটিভি কেমেৰা চুৰি হোৱাৰ পিছত এটা কম্পিউটাৰ চেট আৰু শেহতীয়াভাৱে সেই বিদ্যালয়ৰেই দুটা কম্পিউটাৰ চেট চুৰি হৈছিল।তাৎপর্যপূর্ণ কথা এই চোৰ দুটা অঞ্চলী হাইস্কুলৰেই ছাত্র আছিল।আৰক্ষীয়ে সদৰি কৰা অনুসৰি চোৰৰএটা বৃহৎ দল আছে।
- Log in to post comments
- 6 views